
নিউজ ডেস্ক। বৰঝাৰ স্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী সঁচা প্ৰমাণিত কৰি শনিবাৰে সৰস্বতী পূজাৰ দিনটােতে ৰাজ্যৰ বিভিন্ন জিলাত প্ৰবল বৰষুণ আৰু শিলাবৃষ্টি হয়।

বিশেষকৈ নামনি অসম অধিকাংশ অঞ্চলত হােৱা প্ৰবল বৰষুণৰ লগতে অভূতপূৰ্ব শিলাবৃষ্টিয়ে জনজীৱন ব্যাহত কৰি তােলে।

ইয়াৰ ফলতে তাপমাত্ৰাও নিম্নগামী হয়।
বিভিন্নজনে পূৰ্বতে নেদেখা এনে প্ৰবল শিলাবৃষ্টিৰ দৃশ্য কেমেৰাত বন্দী কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।
জানিব পৰা মতে, কামৰূপ, গােৱালপাৰা, বৰপেটা, নলবাৰী, বাক্সা, চিৰাং, গুৱাহাটী (মেট্ৰ’), নগাঁও, মৰিগাঁও আদি জিলাত অতিপাত শিলাবৃষ্টি হয়।

ইয়াৰ ফলতে বিভিন্ন অঞ্চলত বৰফৰ শুভ্ৰ আচ্ছাদন প্ৰত্যক্ষ কৰা হয়।
প্ৰবল শিলাবৃষ্টিৰ ফলত বহু লােকৰ ঘৰ-বাৰীৰ ক্ষয়-ক্ষতিৰাে বাতৰি পােৱা গৈছে।
দুপৰীয়া দুই মান বজাৰ পৰাই নামনি অসমৰ বিভিন্ন অঞ্চলত আৰম্ভ হােৱা বৰষুণ আৰু শিলাবৃষ্ট এক-ডেৰ ঘন্টা পৰ্যন্ত অব্যাহত থাকে।
নগাঁও জিলাৰ বিভিন্ন অঞ্চলত সন্ধিয়া পৰ্যন্ত শিলাবৃষ্টি আৰু প্ৰবল বৃষ্টিপাত হােৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য জানুৱাৰী মাহত প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙতাে অনুৰূপ ধৰণৰ শিলাবৃষ্টি প্ৰত্যক্ষ কৰা হৈছিল।
প্ৰবল শিলাবৃষ্টিৰ ফলতে ৰাজধানী চহৰখনৰ বাট-পথ বৰফৰ শুভ্ৰ আচ্ছাদনে ঢাকি পেলাইছিল।
অনুৰূপ ধৰণে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লােকেও এনে শিলাবৃষ্টিৰ প্ৰত্যক্ষ কৰি আহ্লাদিত হৈ পৰে।