ৰাজ্যৰ এজনো বাঙালী হিন্দু বিদেশী নহয়, সকলো হিন্দু বাঙালীৰ নাম NRCত উঠিবঃ BJP

সমাগত ৰাজ্যৰ পৌৰসভা নিৰ্বাচন।

পৌৰসভা নিৰ্বাচনক লৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে শাসক বিৰোধী প্ৰতিটো ৰাজনৈতিক দল।

বৃহস্পতিবাৰে বৰপেটাৰোডৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সম্পাদিকা নিয়তি দে।

বৰপেটাৰোডৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ জয়ন্ত মল্ল বৰুৱাই কয়, বৰপেটাৰোডৰ প্ৰতিটো ৱাৰ্ডতেই বিজেপিৰ প্ৰাৰ্থী জয়ী হ’ব আৰু নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বৰপেটাৰোড পৌৰসভা বিজেপিয়ে গঠন কৰিব৷

বিজেপি দলত বেলেগ দলৰ পৰা মানুহ লোৱাৰ প্ৰয়োজন নাই আৰু প্ৰয়োজনবোধ নকৰে বুলি উল্লেখ কৰি আজিৰ তাৰিখত বিজেপি বহুত শক্তিশালী বুলিও কয় জয়ন্ত মল্ল বৰুৱাই।

নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সম্পাদিকা নিয়তি দেই কয়, “ৰাজ্যৰ এজনো বাঙালী হিন্দু বিদেশী নহয়, হিন্দু বাঙালীসকল শৰণাৰ্থীহে৷ হিন্দু বাঙালীসকলক লৈ বহুত গণ্ডগোল হৈছে বহুত মানুহ মৰিছে তথাপি হিন্দু বাঙালী সকলৰ হৈ বিজেপিয়ে যুঁজি আহিছে।

লগতে নেত্ৰীগৰাকীয়ে কয়- পূৰ্বে যি সকল বাঙালী হিন্দুৱে ভোট দিছিল আৰু সেইসকল বাঙালী হিন্দুৰ নাম NRC আহা নাই সেইসকল হিন্দু বঙালীয়ে চিন্তা কৰিব নালাগে ৷ সকলো হিন্দু বাঙালীৰ নাম NRCত উঠিব আৰু ভোটাৰ তালিকাতো নাম উঠিব৷

Leave a Comment