ৰাজ্যিক পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ নয়নমনি চেতিয়া সন্ধানহীন, আলফা(স্বা)ত যোগদানৰ সন্দেহ…

তিনিচুকীয়াৰ চাংমাই গাঁৱৰ নয়নমনি চেতিয়া উৰফে ইহম চেতিয়াই আলফা(স্বা)ত যোগদানৰ সন্দেহ।

বিগত তিনিদিন ধৰি সন্ধানহীন হৈ আছে নয়ণমনি চেতিয়া।

ৰাজ্যিক পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ আছিল নয়নমনি চেতিয়া উৰফে ইহম চেতিয়া।

জিলাখনৰ বিভিন্ন অঞ্চলৰ শিশু সকলক কিক বক্সিঙৰ প্ৰশিক্ষণো দি আহিছিল নয়ণমনি চেতিয়াই।

৭বছৰীয়া এটা পুত্ৰ সন্তানক এৰি থৈ গৈছে নিৰুদ্দেশ নয়নমনি চেতিয়া ।

উল্লেখ্য যে, তিনিচুকীয়া সদৰ থানাত কৰ্মৰত অসম আৰক্ষীৰ এগৰাকী হোমগাৰ্ডৰ পত্নী আছিল নয়ণমনি চেতিয়া।

শেহতীয়াভাৱে নয়নমণিয়ে সতীৰ্থৰে জংঘলৰ মাজেৰে যাত্ৰা কৰা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

যাৰ বাবে নয়নমণিয়ে আলফাত(স্বাঃ)ত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে।

Leave a Comment