ৰাজ্যিক কেবিনেট বৈঠকঃ লোৱা হ’ল এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কেবিনেট বৈঠকৰ অন্তত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল।

কেবিনেটত লোৱা বিশেষ সিদ্ধান্ত সমূহ এনেধৰণৰ-

যি সমূহ সুলভ মূল্যৰ দোকানত ৫০ খন বা তাতকৈ কম ৰেচন কাৰ্ডৰ গৰাকী আছে সেই সমূহ অন্য সুলভ মূল্যৰ দোকানৰ সৈতে সংলগ্ন কৰা হ’ব।

কিন্তু যি সমূহ দোকান বিধৱা বা শাৰিৰীক ভাৱে সক্ষম লোক সকলৰ হাতত আছে সেই সমূহ দোকানক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব।

চিচি টেঙানী ট্ৰাইবেল বেল্টত ৮৯ খন গাওঁ অন্তভুৰ্ক্ত কৰা হৈছে।

শ্ৰম আয়ুক্তৰ মতে শ্ৰমিকৰ সুৰক্ষা, কাম কৰাৰ পৰিবেশ আদি সকলো দিশ সামৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদন অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ ৰূপায়ণৰ কাম চলিব।

নতুন আৰু পুৰণি আৰক্ষী থানাৰ মেৰামতি আৰু পুনঃনিৰ্মাণৰ বাবে কেবিনেটে ১২০ কোটি টকা অনুমোদন।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই লগতে জানিব দি কয় যে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলত ৪ লাখ ৮০ হাজাৰ ২৯৫ টা ঘৰত বিজুলী সংযোগ দিবলৈ বাকী আছে। ইয়াৰ বাবে ১৭১৮ কোটি টকাৰ অনুমোদন জনাইছে কেবিনেটে।

ইয়াৰ উপৰি আজিৰ কেবিনেট বৈঠকত ৯০০০ ট্ৰেন্সফৰ্মাৰ ক্ৰয় আৰু ৪২০০ পুৰণি ট্ৰেন্সফৰ্মাৰ মেৰামতিৰ সিদ্ধান্তও গ্ৰহণ কৰে।  

লগতে ৭০ টা উপ ষ্টেচন নতুনকৈ নিৰ্মাণৰ সিদ্ধান্ত। ১১ টা ডাঙৰ ট্ৰেন্সফৰ্মাৰ ক্ৰয়ৰ সিদ্ধান্ত। এই খিনি কামৰ বাবে ২৫০ কোটি টকা ধার্য্য কৰা হৈছে।

ৰাজ্যখনৰ ৪৮,২৩১ টা অংগনাবাড়ী কেন্দ্ৰ আৰু ১৩ হাজাৰ ১২০ খন প্ৰাথমিক স্কুলত বিজুলী সংযোগৰ সিদ্ধান্ত। ইয়াৰ বাবে ১৬১ কোটি টকা অনুমোদন দিয়া হৈছে।

চহৰ অঞ্চলৰ ৬ লাখ ২০ হাজাৰ ১০০ ঘৰত নতুন স্মাৰ্ট মিটাৰ স্হাপনৰ সিদ্ধান্ত। স্মাৰ্ট মিটাৰ হোৱাৰ পিছত বিল অনলাইন, বিদ্যুৎ ঘৰলৈ নোযোৱাকৈ কৰ্তন আৰু সংযোগৰ ব্যৱস্হা কৰিব পৰা যাব।

সদৌ অসম মইনা পাৰিজাতক গুৱাহাটীৰ বেলতলা মৌজাৰ সৰুসজাই গাৱঁত ডেৰ বিঘা মাটি কাৰ্যালয়ৰ বাবে অনুমোদন দিয়া হৈছে।

)খিলঞ্জীয়া আৰু জনজাতীয় লোকবিশ্বাস আৰু সংস্কৃতি বিভাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিছু দিন পূৰ্বে মুকলি কৰিছিল। অসমৰ খিলঞ্জীয়া লোকৰ লোকবিশ্বাস আৰু সংস্কৃতি উজ্জীৱিত কৰিবৰ বাবে আজি কেবিনেটে এই বিভাগটোৰ অন্তৰ্গত এটা সঞ্চালকালয় মুকলিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে মুখ্যমন্ত্ৰীৰ সৈতে ক’ভিডক লৈ আলোচনা হৈছে পূজাৰ পিছতে। এসপ্তাহৰ ভিতৰতে দূৰ্গা পূজাৰ পিছৰ ক’ভিড পৰিস্হিতিক লৈ কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। শেহতীয়াকৈ দুই তিনিদিনৰ পৰিস্হিতি চাই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

Leave a Comment