ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তঃ ১ ছেপ্টেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান…

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰে।

আগন্তুক ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ শ্ৰেণী সমূহ আৰম্ভ হ’ব।

শিক্ষাৰ্থী আৰু শিক্ষক সকলো এইক্ষেত্ৰত ক’ভিডৰ ভেকচিন গ্ৰহণ কৰিব লাগিব বুলিও পেগুৱে লগতে কয়।

২৭ আগষ্টৰ পৰা ৫ ছেপ্টেম্বৰলৈ শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰীৰ লগতে ১৮ বছৰ উৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ আৰম্ভ হ’ব।

আনহাতে, ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস সমূহো ছেপ্তেম্বৰ মাহৰ পৰা পুনৰ খুলি দিয়া হ’ব।

অৱশ্যে ছাত্ৰাৱাস আৰু ছাত্ৰীনিৱাস সমূহত থকাৰ বাবে সকলোৱে ক’ভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰা হ’ব লাগিব।

৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ এছ অ’ পি।

আনহাতে ধেমাজীৰ মৰিধলৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ ৰাজ্যিক কেবিনেটৰ।

নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত গ্ৰহণ।

ঘটনাৰ তদন্তৰ বাবে বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙক দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ।

Leave a Comment