ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ ৪ লাখ টকাৰ সাহায্য…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

কেবিনেট বৈঠকত ৰাজ্যৰ ভয়াৱহ বান পৰিস্থিতিক লৈ আলোচনা কৰা হয়।

জনতা ভৱনত অনুষ্ঠিত সাপ্তাহিক কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

সেই অনুসৰি…

অসমৰ ২৬খন জিলাৰ বানৰ কবলত। কিন্তু ডিমা হাছাও, বৰাক, হোজাইৰ অৱস্থা অতি শোচনীয়। গতিকে এই ৩ জিলাক সৰ্বতোপ্ৰকাৰে সহায়ৰ সিদ্ধান্ত লোৱা হয়।

লামডিঙৰ পৰা জাতিংগালৈ পথ কিছু নিৰ্মাণ কৰা হৈছে। ডিমা হাছাওলৈ খাদ্যসামগ্ৰী নিব পৰা হৈছে। ৪ মেট্ৰিকটন খাদ্য সামগ্ৰী দিয়া হৈছে জিলাখনক।

কমলপুৰত স্থাপন হ’ব নেচনেল ফৰেনছিক বিশ্ববিদ্যালয়

বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক দিব হ’ব ৪ লাখ টকা। জিলা উপায়ুক্তই মৃতকৰ পৰিয়ালক মুকলি কৰি দিব ধন।

শিলচৰৰ পৰা গুৱাহাটীৰ মাজত ফ্লাইবিগে আৰম্ভ কৰিব বিমান সেৱা। বৰাকৰ বাহিৰৰ লোকসকলক বিমানযোগে অনা হ’ব। ডিমা হাচাওৰ পৰাও বায়ুসেনাৰ বিমানে আনিব আবদ্ধ লোকক।

বিমানৰ টিকটৰ মূল্য হ’ব ৩ হাজাৰ টকা। টিকটৰ বাবে 8135902973, 8638023921 নম্বৰ মুকলি। UPI বা G PAYৰ জৰিয়তে ধন পৰিশোধ কৰিব পাৰিব।

বিয়লি ৫ বজাত গুৱাহাটীৰ পৰা শিলচৰলৈ উৰিব বিমান। শিলচৰৰ পৰা সন্ধিয়া ৬.২০ বজাত গুৱাহাটীলৈ উভতিব।

মেঘালয়ত হোৱা ভূমিস্খলনৰ বাবে বৰাকলৈ যাতায়াত বন্ধ। কিন্তু বৰাকলৈ খাদ্য সামগ্ৰী যোগানৰ বাবে সহায় কৰিব মেঘালয় চৰকাৰে। ২২ হাজাৰ মেট্ৰিকটন চাউল মজুত আছে বৰাকত। ডিজেল, পেট্ৰ’ল ৭ দিনৰ বাবে বৰাকত উপলব্ধ আছে।

কেন্দ্ৰীয় চৰকাৰে ১০০০ কোটি টকাৰ অনুমোদন দিছে। ইতিমধ্যে জিলাসমূহলৈ ১৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে। শিলচৰৰ পৰা ৰে’ল সেৱা মুকলি কৰিবলৈ ৪৫ দিন লাগিব। পথ মুকলি কৰিবলৈ প্ৰায় ২ৰ পৰা ৩ দিন লাগিব।

এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম পঞ্জীয়নৰ বাবে নালাগে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড নহ’লেও যুৱক–যুৱতীয়ে নাম পঞ্জীয়ন কৰিব পাৰিব।

Leave a Comment