ৰাজ্যসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী জয়ী হোৱাৰ পিছতে কিয় AIUDFক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে…

ৰাজ্যসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ দুয়োজন প্ৰাৰ্থী জয়ী হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।

মিত্ৰজোঁটৰ দুয়োজন প্ৰাৰ্থীক লগত লৈ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীগৰাকীৰ।

মুখ্যমন্ত্ৰীয়ে কয়, ‘দুয়োজন সাংসদে ভৱিষ্যতৰ দিনত অসমৰ হকে কাম কৰি যাব। এই নিৰ্বাচন যথেষ্ট কঠিন আছিল। আমি ২ বা ৩টা ভোটত জয়ী হোৱাৰ আশা কৰিছিলো। কিন্তু AIUDF–কংগ্ৰেছৰ সংঘাতে বিপুল ভোটত জয়ী কৰিলে।’’

অনিচ্ছাসত্ত্বেও AIUDFক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে।

ড০ শৰ্মাই কয়, আমি ভোট নালাগে বুলি কোৱাৰ পিছতো যদি কোনোৱাই ভোট দিছে সেয়া তেওঁলোকৰ নিজৰ বিষয়। বিজেপিয়ে AIUDF নিঃশেষ হোৱাটো বিচাৰে।

অসমৰ কোনো কংগ্ৰেছীৰ ওপৰত দিল্লীৰ বিশ্বাস নাই। মই এগৰাকী প্ৰাক্তন কংগ্ৰেছী হিচাপে এই কথা ক’ব পাৰো। কংগ্ৰেছৰ এজেণ্ট বাহিৰৰ পৰা আনিব লগাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।

অখিল গগৈকো ধন্যবাদ জনায় মুখ্যমন্ত্ৰী শৰ্মাই।

Leave a Comment