fbpx
অসম

ৰাজ্যসভা নিৰ্বাচনঃ ৪৩ বিধায়কক লগত লৈ আজি মনোনোয়ন পত্ৰ দাখিল কৰিব ৰিপুন বৰাই…

ৰাজ্যসভাৰ দুই আসনক লৈ সাজু হৈছে শাসক-বিৰোধী।

৪৩ গৰাকী বিধায়কসহ সোমবাৰে অৰ্থাৎ আজি দিনৰ ১১ বজাত মনোনোয়ন পত্ৰ দাখিল কৰিব বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই।

দেওবাৰে কংগ্ৰেছ, এআইইউডিএফ, ৰাইজৰ দল আৰু চিপিআই এমৰ বিধায়িনী দলৰ বৈঠকৰ পিছতে লোৱা হয় এই সিদ্ধান্ত।

একেলগে ৰাজ্যসভা নিৰ্বাচন সম্পৰ্কত আলোচনা হয় বৈঠকত।

ভৰত চন্দ্ৰ নৰহক আহ্বায়ক হিচাপে লৈ চাৰিওটা দলৰ এখন উমৈহতীয়া কমিটি গঠন হয় এই বৈঠকত। 

একেদৰে কংগ্ৰেছ বিধায়ক শশীকান্ত দাস সম্পৰ্কত আইনগত ব্যৱস্থা কি ল’ব পাৰি সেয়াও এই কমিটিয়ে নিৰ্ধাৰণ কৰিব। 

কমিটিখনত আছে ৰকিবুল হুছেইন, অখিল গগৈ, হাফিজ বছিৰ আহমেদ কাছিমি, মনোৰঞ্জন তালুকদাৰ আৰু আমিনুল ইছলাম।

Related Articles

Leave a Reply

Back to top button