ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পদত নিযুক্তি

নিউজ ডেস্ক। ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক নিযুক্তি দিয়া হ’ল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে।

মঙলবাৰে পবিত্ৰ মাৰ্ঘেৰিটাক এই পদত নিযুক্তি প্ৰদান কৰে অসম চৰকাৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব আছিল নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱা।

কিন্তু শেহতীয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত জয়ন্তমল্ল বৰুৱাক মন্ত্ৰীপদ প্ৰদান কৰা হৈছিল।

তাৰ পিছতে জয়ন্তমল্ল বৰুৱাৰ ঠাইত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক নিযুক্তি দিয়া হয় মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব পদত।