অসম
ৰাজ্যসভাৰ মিত্রজোঁটৰ প্ৰাৰ্থী UPPLৰ ৰণগৌড়া নাৰ্জাৰী…

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে UPPL দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
ৰাজ্যসভাত অসমৰ দ্বিতীয়খন আসনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নাম ঘোষণা।
ৰাজ্যসভাৰ মিত্রজোঁটৰ প্ৰাৰ্থী UPPLৰ ৰণগৌড়া নাৰ্জাৰী।
ৰণগৌড়া নাৰ্জাৰী UPPLৰ কাৰ্যকৰী সভাপতি।
ৰণগৌড়া নাৰ্জাৰীয়ে হ’ব আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ দ্বিতীয়খন আসনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী।
ইতিমধ্যে প্ৰথমখন আসনৰ বাবে বিজেপিয়ে পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম ঘোষণা কৰিছে।
শাসনাধিস্থ বিজেপি মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছে অন্যান্য বিৰোধী দলৰ সহযোগত এই ২ আসনৰ যুঁজৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে।
উল্লেখ্য যে, বিজেপিয়ে দুয়োখন আসনতে প্ৰতিদ্বন্দিতা আগবঢ়াব যদিও দলটোৰ দুয়োখন আসন দখল কৰিব পৰাকৈ এই মুহূৰ্তত শক্তি নাই।
অৱশ্যে এখন আসনত বিজেপিৰ প্ৰাৰ্থী জয় হোৱাটো নিশ্চিত হৈ আছে।