fbpx
অসম

ৰাজ্যসভাৰ প্ৰাৰ্থিত্ব লাভ কৰি কৃতজ্ঞতাত গদগদ পবিত্ৰ মাৰ্ঘেৰিটা, ক’লে- মই নিবিচৰাকৈও লাভ কৰিছো স্বীকৃতি

৩১ মাৰ্চত অনুষ্ঠিত হবলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে অসমৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাক। ইয়াৰ পিছতে বিজেপিৰ প্ৰতি কৃতজ্ঞতাত গদগদ হৈ পৰিল পবিত্ৰ মাৰ্ঘেৰিটা।

মাৰ্ঘেৰিটাৰ দৰে এখন সৰু চহৰৰ এটা নিম্ন মধ্যবিত্ত পৰিয়ালৰ সাধাৰণ এজন যুৱকক এই স্বীকৃতি প্ৰদান কৰাত নথৈ আনন্দ ব্যক্ত কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।

তেওঁ কয়, ‘মোৰ দৰে এজন সাধাৰণ কাৰ্যকতাক প্ৰদান কৰা এই স্বীকৃতি ভাৰতীয় জনতা পাৰ্টীৰ বৰ্তমানৰ যি ৪৫-৫০ লাখ সদস্য আছে, সেই সকলোৰে বাবে স্বীকৃতি।’

দল আৰু ৰাষ্ট্ৰৰ প্ৰতি সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই দিলে স্বতঃস্ফূৰ্তভাৱে এনেদৰে স্বীকৃতি লাভ কৰা হয় বুলিও মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।

সংগীতৰ জগতৰ পৰা আহি বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ প্ৰাৰ্থী গৰাকীয়ে লগতে কয় যে তেওঁ প্ৰথম বিজেপিত যোগদান কৰাৰ সময়তে বিধানসভাৰ টিকট বিচাৰিছিল। কিন্তু যেতিয়া বিজেপিৰ আদৰ্শৰ গভীৰতালৈ তেওঁ সোমাই যাবলৈ সক্ষম হল, তাৰ পিছত তেওঁৰ মনত কিবা পোৱাৰ আকাংক্ষা নোহোৱা হৈ গ’ল।\

একনিষ্ঠভাৱে দল আৰু ৰাজ্যৰ প্ৰতি সেৱা আগবঢ়াই যোৱাৰ স্বীকৃতি প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয়-ৰাজ্যিক সভাপতি, অসমৰ মুখ্যমন্ত্ৰী আৰু সতীৰ্থ তথা অসমবাসীক ধন্যবাদ জনায় পবিত্ৰ মাৰ্ঘেৰিটাই।

উল্লেখ্য যে, অহা ৩১ মাৰ্চত অসমত দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন। কংগ্ৰেছে এখন আসনত ৰিপুণ বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে বিজেপিয়ে পবিত্ৰ মাৰ্ঘেৰিটাক আৰু ইউপিপিএলে ৰণগৌৰা নাৰ্জানীৰ নাম দুয়োখন আসনৰ বাবে চূড়ান্ত কৰিছে।

নিৰ্বাচনৰ ভোটগণনা একেদিনাই সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২১ মাৰ্চ।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!