অসম

ৰাজ্যসভাৰ নিৰ্বাচনত ভোট দিয়াৰ নামত ৰিপুণ বৰাৰ পৰা ১.৬ কোটি লৈছিল AIUDF-এঃ কমলাক্ষ দে পুৰকায়স্থ

ৰাজ্যসভাৰ নিৰ্বাচনত ৰিপুণ বৰাক ভোট দিবলৈ এইআইইউডিএফে লৈছিল টকা।

শেহতীয়াকৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থৰ বিস্ফোৰক অভিযোগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত। অৱশ্যে এই টকা লোৱাৰ কোনো নথি-পত্ৰ বা প্ৰমান নাই বুলিও মন্তব্য কৰে কমলাক্ষ দে পুৰকায়স্থই।

কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰা মতে, ৰাজ্যসভা নিৰ্বাচনত ৰিপুণ বৰাক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাত প্ৰস্তাৱ আগবঢ়াইছিল এইআইউডিএফে। আৰু নিৰ্বাচনত ভোট দিবলৈ এইআইইউডিএফ বিধায়কে বৰাৰ পৰা লৈছিল ১ কোটি ৬০ লাখ টকা।

সংবাদ মাধ্যমৰ সন্মুখত দায়িত্বসহকাৰে এই দাবী তুলি কমলাক্ষ দে পুৰকায়স্থই লগতে কয় যে এআইইউডিএফে বজাৰৰ দৰে কাম কৰে। ৰাতিলৈকে তেওঁলোকৰ বিধায়কৰ আৱাসৰ দুৱাৰ খোলা ৰাখে এইকাৰণেই যাতে টকা দি তেওঁলোকক ক্ৰ্য় কৰিব পাৰে।

ৰিপুণ বৰাৰ পৰা টকা লোৱাৰ পিছত বিজেপিৰ পৰা অধিক টকা লৈ শাসকীয় দলটোৰ ওচৰত এআইইউডিএফ বিক্ৰী হোৱা বুলিও বিস্ফোৰক অভিযোগ তোলে কমলাক্ষ দে পুৰকায়স্থই। এইআইইউডিএফে এনেদৰে টকা লৈ ভোটৰ বজাৰ চলাই আহিছে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

উল্লেখ্য যে, সদ্যসম্পন্ন ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু এআইইউডিএফ বুজাবুজিৰ মাজলৈ আহিছিল যদিও তাৰ পিছতে দুয়োটা দলৰ মাজত আৰম্ভ হয় সংঘাতৰ। ইয়াৰ মাজতে নিৰ্বাচনৰ আগনিশা প্ৰাৰ্থী ৰিপুণ বৰাক এআইইউডিএফৰ বিধায়কৰ সৈতে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰা দেখা যায়।

যদিও এআইইউডিএফে দাবী কৰিছে যে তেওঁলোকে ৰিপুণ বৰাকেই ভোটদান কৰিছিল, কিন্তু এই দাবী কোনোপধ্যেই মানি ল’ব বিচৰা নাই কংগ্ৰেছে। ৰিপুণ বৰাৰ পৰাজয়ৰ একমাত্ৰ কাৰণ এআইইউডিএফৰ বিশ্বাস ঘাতকতা বুলি মন্তব্য কৰিছে কংগ্ৰেছে। এনে পৰিস্থিতিত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ পুৰকায়স্থই আজমল বাহিনীৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগে বিধায়ক কিনা-বেচাৰ ৰাজনীতিক লৈ এক বৃহৎ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

Related Articles

Leave a Reply

Back to top button