
নিউজ ডেস্ক। বিনা স্বাৰ্থৰে অসম চৰকাৰক সমৰ্থন জনাই আহিছে ৰহাৰ বিধায়ক শশীকান্ত দাসে।
কংগ্ৰেছৰ নিলম্বিত বিধায়কজনৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰহাৰ জোঙাল বলহু আঁচনিৰ পৰিদৰ্শনৰ সময়ত বিধায়ক শশীকান্ত দাসৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শশীকান্ত দাসে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীকে ভোট দিব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছৰ নিলম্বিত বিধায়কজনৰ বাসগৃহত উপস্থিত হোৱাক লৈ ইতিমধ্যে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। যদিও শশীকান্ত দাসে এয়া মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ ঘৰুৱা ভাতৃত্বসুলভ সম্পৰ্কৰ বাবে মুখ্যমন্ত্ৰী তেওঁৰ ঘৰত উপস্থিত হৈছে বুলি মন্তব্য কৰিছে, তথাপিও মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণৰ আঁৰত ৰাজনৈতিক স্বাৰ্থ জড়িত থকাৰ অনুমান কৰিছে সকলোৱে।
Met Hon’ble MLA of Raha Shri Sashikanta Das at his Dimou Chariali residence this morning.
— Himanta Biswa Sarma (@himantabiswa) March 20, 2022
Reviewed developmental activities in the area and discussed ways to accelerate them further. pic.twitter.com/gFgjn0y4EZ
মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে ৰাজ্যসভাৰ নিৰ্বাচনত হুইপৰ কোনো মূল্য নাথাকে। ৰাজ্যসভাৰ নিৰ্বাচনত লুকাই ভোট দিব নোৱাৰি।
আনহাতে শ্বেৰমান আলীয়ে কাক ভোট দিব সেয়া মুখ্যমন্ত্ৰীয়ে নাজানে বুলি মন্তব্য কৰি কয় যে ইতিমধ্যে শশীকান্ত দাসে বিজেপিৰ প্ৰাৰ্থীকে ভোট দিব।

বৰ্তমান কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে বিজেপিত যোগদানৰ সম্ভাৱনা আছে বুলি বিস্ফোৰক মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
কংগ্ৰেছে ৰাজ্যসভাৰ নিৰ্বাচনত জয়ী হ’ব বুলি কৰা মন্তব্যৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়কে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে। যাৰ বাবে তেওঁলোকৰ ভোট ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ পক্ষতে পৰিব।