স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল।
সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
অসমৰ দুগৰাকী লোক অমিক্ৰণ ভাইৰাছৰ দ্বাৰা সংক্ৰমণ বুলি সদৰি কৰে স্বাস্থ্যমন্ত্ৰীয়ে।
এগৰাকী সোণাপুৰৰ ১৩ বছৰীয়া কিশোৰ যি মেঘালয়ত অমিক্ৰণ ভাইৰাছত ধৰা পৰিছিল। আন এজন হোজাইৰ।
ছৌদি আৰৱৰ পৰা ঘূৰি অহা হোজাইৰ মহম্মদ মামুদ হুছেইনৰ দেহত ধৰা পৰিল অমিক্ৰণ। ৩৫ বৰ্ষীয় মামুদৰ যোৰহাটত কভিড পৰীক্ষা কৰোৱা হৈছিল।
পিছত কলিকতালৈ প্ৰেৰণ কৰা হৈছিল বহু কেইটা নমুনা। কলকাতালৈ ১৫৯৮ টা চেম্পোল টেষ্টৰ বাবে প্ৰেৰণ কৰা হৈছিল। অমিক্ৰণ ধৰা পৰা লোক দুজনৰ পৰিয়ালৰ লোকৰো পৰীক্ষা কৰোৱা হৈছিল। কিন্তু অন্য ৰিপোৰ্ট নিগেটিভ আহিছে।
তাৰেই ভিতৰত এগৰাকী অমিক্ৰণ ধৰা পৰাৰ লগতে অন্য কেইবাটাও ডেল্টা ভেৰিয়েণ্ট ধৰা পৰে।
সৰুসজাই কভিড কেয়াৰ চেণ্টাৰ আজিৰ পৰা আৰম্ভ হ’ল। ৬ জনক আজি ভৰ্তি কৰা হৈছে সৰুসজাইত। অক্সিজেনো পৰ্যাপ্ত পৰিমাণে আছে বুলি সদৰি কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
জিলা উপায়ুক্ত সমূহক মডেল হাস্পতাল সমূহ সাজু কৰিবলৈ নিৰ্দেশ দিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা।
পূৰ্বৰ কভিড হাস্পতাল সমূহ সাজু কৰিবৰ বাবে জিলা উপায়ুক্ত সমূহকো নিৰ্দেশ দিয়া বুলি জনায় স্বাস্থ্যমন্ত্ৰীয়ে।
কাইলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত গুৱাহাটীত কভিড পৰিস্থিতিক লৈ জৰুৰীভাৱে বৈঠক হ’ব। সেই বৈঠকৰ পিছতেই জাৰি কৰা হ’ব নতুন নিৰ্দেশনা।
ৰাজ্যবাসীয়ে বিহু উদযাপন কৰিব নোৱাৰিব পাৰে বুলিও কয় স্বাস্থ্যমন্ত্ৰীয়ে।
অহা কালিৰ পিছতহে চৰকাৰে ক’ব পাৰিব বিহু পাতিব পাৰিবনে নাই।
— Keshab Mahanta (@keshab_mahanta) January 5, 2022