ৰাজ্যবাসীক অসমীয়াতে ৰঙালী বিহুৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

চাওতে চাওতে পালেহি অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ ব’হাগৰ বিহুটি।
সকলোৰে মনত ৰঙালীৰ উলাহে নধৰা অৱস্থা।
হেঁপাহৰ ৰঙালী বিহু বুলি সকলোৱে এপাক বিহু গাই-নাচি কৰিছে আনন্দ।
আজি গৰু বিহু। মাহ হালধিৰে নুৱাই-ধুৱাই চাতৰ লাও-বেঙেনা গৰুলৈ আগবঢ়াই দি গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে সকলোৱে গাইছে – লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মাৰ সৰু, বাপেৰ সৰু, তই হবি বৰ বৰ গৰু।
কাইলৈ প্ৰতিগৰাকী অসমীয়াই পালন কৰিব মানুহৰ বিহু। মানুহৰ বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা কৰি বিহুৱান যঁচাৰ পৰম্পৰা আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাজ্যবাসীক জনাইছে ৰঙালী বিহুৰ শুভেচ্ছা।
Bohag Bihu greetings to everyone! pic.twitter.com/W5UWbLJhiF
— Narendra Modi (@narendramodi) April 14, 2022
অসমীয়াতে লিখি টুইটাৰৰ জৰিয়তে সকলোলৈকে ৰঙালীৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
লগতে এই বিহুৱে সকলোৰে জীৱনলৈ সুস্বাস্থ্য আৰু সুখ কঢ়িয়াই অনাৰ কামনা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু হিয়াভৰা ওলগ জনালোঁ। নৱ বৰ্ষই সকলোলৈ কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধি আৰু আনন্দ।
— Arvind Kejriwal (@ArvindKejriwal) April 14, 2022
ইপিনে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও ৰাজ্যবাসীক অসমীয়াতে জনাইছে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা।