অসম
ৰাজ্যত ৫১ জন পুৰোহিত আৰু কাজীক গ্ৰেপ্তাৰ, বৰ্তমানলৈ ২,০৪৪গৰাকী বেআইনী স্বামী আৰক্ষীৰ জালতঃ জি পি সিং

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে বাল্যবিৱাহৰ বিৰুদ্ধে তৎপৰ হৈছে অসম আৰক্ষী৷
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আটক কৰা হৈছে বেআইনী স্বামীক৷
বাল্যবিৱাহ সন্দৰ্ভত DGP কাৰ্যালয়ত সংবাদমেল সম্বোধম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ৷
আজিৰ দিনটোত ৰাজ্যৰ ২,০৪৪গৰাকী বেআইনী স্বামীক গ্ৰেপ্তাৰ কৰা হয় বুলি সংবাদমেলত মন্তব্য কৰে জি পি সিঙে৷
লগতে বাল্যবিৱাহৰ সৈতে জড়িত ৫২ জন পুৰোহিত আৰু কাজীকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি সংবাদমেলত সদৰি কৰে জি পি সিঙে।
তেওঁ কয়- বাল্যবিৱাহৰ বিৰুদ্ধে আৰক্ষীৰ ভিন্ন প্ৰান্তত অভিযান অব্যাহত আছে। ধুবুৰী, বৰপেটা, কোকৰাঝাৰ, বিশ্বনাথত সৰ্বাধিক বেআইনী স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে।