ৰাজ্যত ২৭ খনলৈ বৃদ্ধি হ’ব টোল গেটৰ সংখ্যা! টোল কৰৰ বোজাই মাধমাৰ শোধোৱাৰ সময়তে সদনত এই বিস্ফোৰক তথ্য চৰকাৰৰ…

নিউজ ডেস্কঃ নিজৰ সুবিধাৰ বাবে চাৰিচকীয়া বাহনখন ক্ৰয় কৰাৰ কথা ভাৱি আছে নেকি?

তেন্তে ৰ’ব, এই খবৰ আপোনাৰ বাবে। হয়তো এই খবৰ পঢ়ি গাড়ী কিনাৰ মন আপুনি সলাবও পাৰে।

কিয়নো ৰাজ্যবাসীৰ মূৰত টোল কৰৰ বোজা জাপি দি অসমত ২৭ খনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে টোল গেটৰ সংখ্যা।

সদনত বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰ দি গড়কাপ্তানী বিভাগৰ মন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, ৰাজ্যত সৰ্বমুঠ টোল গেটৰ সংখ্যা হ’বগৈ ২৭ খন।

উল্লেখ্য যে, বৰ্তমান ৰাজ্যত ৯ খন টোলগেট কাৰ্যক্ষম হৈ আছে।

আনহাতে সদনত দিয়া উত্তৰ অনুসৰি নিৰ্মাণ সম্পূৰ্ণ হোৱা আন ৫ খন টোল গেট শীঘ্ৰেই কাৰ্যক্ষম কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ইফালে নিৰ্মাণকাৰ্য চলি আছে আন ৯ খন টোলগেটৰ।

তদুপৰি আন ৪ খন টোলগেটৰ কামো শীঘ্ৰেই আৰম্ভ কৰা হ’ব বুলি প্ৰকাশ কৰিছে গড়কাপ্তানী বিভাগৰ মন্ত্ৰীয়ে।

প্ৰণিধানযোগ্য যে যোৱা ১ এপ্ৰিলৰ পৰা ৰাজ্যত কাৰ্যকৰী কৰা হৈছে নতুন টোল কৰ।

এই অনুসৰি ৰাজ্যৰ ৯ খন টোল গেটত ৫-১০ শতাংশ বৃদ্ধি কৰা হৈছে টোল কৰ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোল কৰ বৃদ্ধি কৰাৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে গড়কাপ্তানী বিভাগৰ মন্ত্ৰীয়ে সদনত প্ৰদান কৰা বিস্ফোৰক তথ্যই সৃষ্টি কৰিছে ন প্ৰতিক্ৰিয়াৰ।