ৰাজ্যত ২৫ দিনলৈ হ্ৰাস কৰা হ’ব গৰম বন্ধ, শিক্ষামন্ত্ৰীৰ ঘোষণা…

এমাহৰ পৰিৱৰ্তে ২৫ দিনলৈ হ্ৰাস কৰা হ’ব ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ গৰমৰ বন্ধৰ দিন।
অহা বছৰৰ পৰা ৰাজ্যৰ শিক্ষাৰ্থীসকলে ২৫ দিনৰ বাবেহে বিদ্যালয়ৰ গৰম বন্ধ লাভ কৰিব।
শুক্ৰবাৰে এই কথা সদৰি কৰি আছে শিক্ষামন্ত্ৰী ৰণোজ পেগুই।
এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চিন্তা-চৰ্চা কৰি আছে বুলি শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়ে।
পেগুৱে কয়, গৰম বন্ধৰ পৰিৱৰ্তে শিক্ষাকহে অধিক গুৰুত্ব প্ৰদান কৰিব লাগে। বহু শিক্ষানুষ্ঠানে গৰমৰ বন্ধ ২৫ দিন দিয়ে সেয়ে আমিও অহা বছৰৰ পৰা ৩০ দিনৰ পৰিৱৰ্তে ২৫ দিন কৰিব পাৰো নেকি চিন্তা-চৰ্চা কৰি আছো’।
ইফালে ৰাজ্যত হোৱা প্ৰলয়ংকাৰী বানপানীৰ প্ৰতি লক্ষ্য ৰাখি ৯ খন জিলাত গুণোৎসৱ কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনাই মন্ত্ৰী পেগুৱে।
ইপিনে অসমৰ কেইবাখনো জিলাৰ বিদ্যালয়ত গৰম বন্ধৰ সময়ত নিয়মিতভাৱে পাঠদান কাৰ্যসূচী অব্যাহত থাকিব বুলি এক নিৰ্দেশনা প্ৰকাশ পাইছে।
জানিব পৰা মতে, যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত হতাশাজনক প্ৰদৰ্শন কৰা বিদ্যালয়সমূহত শিক্ষা প্ৰদান কৰা হ’ব বুলি ৭ জুনত ঘোষণা কৰা হৈছিল।
এই জিলা কেইখনৰ বিদ্যালয়সমূহত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান চলিব।
গৰম বন্ধৰ সময়ত অসমৰ যিবোৰ জিলাত পাঠদান অনুষ্ঠিত হ’ব সেই জিলা কেইখন হ’ল- গোলাঘাট, চিৰাং আৰু তিনিচুকীয়া৷