ৰাজ্যত সক্ৰিয় হানী ট্ৰেপিং চক্ৰ! হানী ট্ৰেপিঙৰ বলি মন্দিৰৰ পূজাৰী…

মহানগৰীত সক্ৰিয় হানী ট্ৰেপিং চক্ৰ৷

এইবাৰ হানী ট্ৰেপিঙৰ বলি হ’ল এগৰাকী মন্দিৰৰ পূজাৰী৷

প্ৰমোদ তিৱাৰী নামৰ এগৰাকী লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ৷

এগৰাকী যুৱতীৰে মিলি তিৱাৰীয়ে সংঘটিত কৰি আহিছিল হানী ট্ৰেপিং কাণ্ড৷

ৱাটছএপযোগে কল কৰি অশ্লীল ভিডিঅ প্ৰেৰণ কৰিছিল চক্ৰটোৱে৷

ইয়াৰ পিছতে ধন নিদিলে ছ’চিয়েল মিডিয়াত ভিডিঅ’ প্ৰকাশৰ ভাবুকিৰে ব্লেকমেইলিং কৰিছিল চক্ৰটোৱে৷

হানী ট্ৰেপিঙৰ বলি হৈছিল ভাগীৰথ শাস্ত্ৰী নামৰ এগৰাকী মন্দিৰৰ পূজাৰী৷

ভুক্তভোগী শাস্ত্ৰীয়ে ফটাশিল থানাত ঘটনা সন্দৰ্ভত ৰুজু কৰিছিল গোচৰ৷

উক্ত গোচৰৰ ভিত্তিতে ফাঁচীবজাৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে প্ৰমোদ তিৱাৰী আৰু যুৱতীগৰাকীক৷