ৰাজ্যত মুকলি হ’ল Drugs free Assam নামৰ এটা ম’বাইল এপ…

ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

ৰাজ্যত মুকলি হ’ল Drugs free Assam নামৰ এটা ম’বাইল এপ।

DGP ভাস্কৰজ্যোতি মহন্তই মুকলি কৰিলে এপটো।

ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে মুকলি কৰা হয় এপটো।

সাধাৰণ জনতাই সন্ধান পালেও এপটোৰ জৰিয়তে জনাব পাৰিব প্ৰশাসনক।

লগতে ড্ৰাগছৰ বিৰুদ্ধে অভিযোগো দিব পাৰিব এপটোৰ জৰিয়তে।

এই এপটো গুগোল প্লে ষ্টোৰৰ পৰা ডাউনলোড কৰিব পাৰিব।

এই এপটোতে এতিয়াৰ পৰা ৰাইজে ড্ৰাগছ সন্দৰ্ভত যিকোনো তথ্য দিব পাৰিব।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কয়- দিনে দিনে উত্তৰ পূৱত বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা, ইয়াৰ পিছৰ অন্যতম কাৰণ ম্যানমাৰ, ইয়াক সহজে শেষ কৰিব পৰা নাযায়। ম্যানমাৰে নিজকে অৰ্থনৈতিক ভাৱে শক্তিশালী কৰিবলৈ ড্ৰাগছ প্ৰস্তুত কৰি থকালৈকে ড্ৰাগছৰ বেহা চলিয়ে থাকিব। যাৰ বাবেই ইয়াক ইমান সহজে শেষ কৰিব পৰা নাযায়।

দেশৰ বিভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহৰ ট্ৰাঞ্চিত পইণ্ট হৈছে গুৱাহাটী। ম্যানমাৰ, লাউছ আৰু থাইলেণ্ড হৈছে ড্ৰাগছৰ গোল্ডেন ট্ৰাইংগল। এই কেইখন দেশৰ সীমান্তৰে উত্তৰ পূৰ্বাঞ্চললৈ সৰবৰাহ হয় ড্ৰাগছ। সেই ট্ৰাইংগল এতিয়া ডেথ ট্ৰাইংগললৈ পৰিণত হৈছে বুলি মন্তব্য মহন্তৰ।

লগতে তেওঁ কয়- উত্তৰ পূৰ্বাঞ্চল এতিয়া ভয়াবহভাবে আগবাঢ়িছে ড্ৰাগছ সৰবৰাহ, ক্ৰীপ্ট কাৰেন্সি ক্ষেত্ৰত। উত্তৰ পূৰ্বাঞ্চলতে বৃদ্ধি হৈছে নিচাযুক্ত দ্ৰব্যৰ সেৱন। নাৰকটিক কণ্ট্ৰোল বিউৰো যথেষ্ট বিষয়া অসমত নিয়োগ কৰা হব। এইপৰ্যন্ত ৭ কোটি লোক নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ কৰাৰ সম্ভাৱনা আছে।

এই পৰ্য্যন্ত স্কুল, কলেজৰ বহু শিক্ষাৰ্থীৰ অভিভাৱকৰ আমি অভিযোগ পাইছোঁ। এতিয়ালৈ প্ৰায় ১৮ খন ৰাজ্যৰ পৰা ড্ৰাগছ সৰ্বৰাহকাৰীক আটক কৰিছে অসম আৰক্ষীয়ে।

এতিয়া সকলোতকৈ ভয়াবহ হৈছে dark net, cryptocurrency আৰু কুৰিয়াৰৰ নেক্সছ। সেয়া আমাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান।

Leave a Comment