অসম

ৰাজ্যত ভুৱা চিকিৎসকৰ দপদপনি, আৰক্ষীৰ জালত ভুৱা চিকিৎসক নুৰুল ইছলাম…

নগাঁৱত আটক ভুৱা চিকিৎসক।

নগাঁৱৰ কচুৱাত ভূৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, অভিযানত আটক নুৰুল ইছলাম নামৰ এজন ভুৱা চিকিৎসক।

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে ভুৱা চিকিৎসকৰ প্ৰবঞ্চনা।

বিগত কিছু বছৰ ধৰি কচুৱাৰ নুৰুল ইছলাম নামৰ এজন লোকে নিজকে দন্ত চিকিৎসক বুলি প্ৰচাৰ কৰি ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আহিছিল৷

কচুৱা মডেল হাস্পতাল, শিঙিমাৰী ৰাজ্যিক চিকিৎসালয়, লুটুমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু কামপুৰ এফ আৰ ইউ থকাৰ পিছতো নুৰুল ইছলামৰ দৰে একাংশ ভুৱা চিকিৎসকে বিভিন্ন ঠাইত চিকিৎসাৰ নামত ৰোগীৰ পৰা অবাধে ধন সংগ্ৰহ কৰি আছে।

কোনোদিন স্কুল-কলেজৰ বাৰান্দাত ভৰি নিদিয়া ভুৱা চিকিৎসক নুৰুল ইছলামে বিদেশৰ পৰা ডিপ্ল’মা লোৱা ডাঙৰ ডাঙৰ বেনাৰ পোষ্টাৰ আৰি শিঙিমাৰী বজাৰ, কচুৱা বজাৰ, তিনিআলি বজাৰ, লুটুমাৰী বজাৰ, ভকচুং বজাৰ, ৰজাগাঁও বজাৰ আৰু এডেনবাৰী বজাৰত দোকান খুলি ৰমৰমীয়া বেহা চলাই আহিছে।

দাঁত চাফা কৰা, দাঁত উঘলা, নতুনকৈ দাঁত লগোৱা আদি চিকিৎসা কৰে উক্ত ভুৱা চিকিৎসক জন৷

এজন দন্ত চিকিৎসকৰ যিমান সা-সজুলি থাকে ঠিক ভুৱা চিকিৎসক নুৰুল ইছলামেও সিমানেই সা- সজুলি ক্ৰয় কৰি লৈছে৷

কিছুদিন পূৰ্বে ভেজাল চিকিৎসা কৰি দাঁত আৰু মস্তিষ্কৰ মাৰাত্মক বেমাৰত ভুগা কচুৱা চিতলমাৰীৰ আব্দুল চাত্তাৰ, জুকটা গাঁৱৰ মজিবুৰ ৰহমানে নগাওঁ জিলাৰ উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ যুঠীয়া সঞ্চালকৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল৷

আনকি কচুৱা আৰক্ষী থানা আৰু নগাওঁ আদালতত ভুৱা চিকিৎসক জনৰ বিৰদ্ধে গোচৰ তৰিও কোনো সুফল নাপালে৷ যাৰফলত চেম্বাৰ খুলি দম্ভালিৰে চিকিৎসাৰ নামত বেহা চলাই আহিছিল৷

অৱশেষত মঙ্গলবাৰে নিশা নগাওঁ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে মুন্নাভাই MBBS নুৰুল ইছলামক আটক কৰে৷

Related Articles

Leave a Reply

Back to top button