ৰাজ্যত ভয়ংকৰ ঘটনা, এচিড আক্ৰমণৰ বলি দুগৰাকীকৈ মহিলা…

ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

লখিমপুৰত শোৱাপাটীতে দুগৰাকী মহিলাক এচিডেৰে আক্ৰমণ।

লখিমপুৰৰ ১ নং ৰঙাজান দুগৰাকী মহিলাক এচিড ঢালি আক্ৰমণ কৰে ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিজনে।

ৰফিকুল ইছলামে আক্ৰমণ কৰা মহিলা দুগৰাকী ক্ৰমে ৰেহেনা বেগম আৰু নুৰুদা বেগম।

ইতিমধ্যে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে ৰেহেনা বেগম আৰু নুৰুদা বেগমক।

জানিব পৰা অনুসৰি, আক্ৰমণকাৰী ৰফিকুল ইছলাম হৈছে ৰেহেনা ৰেগমৰ স্বামী। ১০ বছৰ পূৰ্বে ৰেহেনাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰফিকুল।

ইতিমধ্যে ৰেহেনা বেগমৰ শৰীৰৰ ৩০ শতাংশ এচিডে ক্ষতি কৰিছে।

সংকটজনক অৱস্থাত থকা ৰেহেনা বেগমক ডিব্ৰুগড় চিকিসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। 

কালি ৰেহেনা বেগমৰ বায়েক নুৰুদা বেগমৰ ঘৰলৈ গৈছিল ৰফিকুল। তাতে দুয়োকে এছিডে আক্ৰমণ কৰে।

ইতিমধ্যে অভিযুক্ত ৰফিকুল ইছলামক আটক কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। 

অভিযোগ অনুসৰি বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি ৰেহেনাৰ ওপৰত প্ৰায়ে শাৰীৰিক আৰি মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল স্বামীয়ে।

আনকি ৩ মাহ পূৰ্বে ৰফিকুলে মৰিয়াই-মৰিয়াই পত্নী ৰেহেনাৰ হাত ভাগি দিছিল। তেতিয়াৰ পৰাই মাকৰ ঘৰত আছিল ৰেহেনা।

Leave a Comment