ৰাজ্যত বানৰ তাণ্ডৱঃ এইপৰ্যন্ত ৩জনৰ মৃত্যু, ৬ খন জিলাৰ ৯৪ খন গাঁও বানৰ কবলত

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে।

ৰাজ্যৰ ছয়খন জিলাৰ ৯৪ খন গাঁৱৰ ২৪,৬৮১ জন লোক বানৰ কৱলত।

বান আৰু ভূমিস্খলনৰ ফলত পাহাৰীয়া জিলা ডিমা হাচাওৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে ঠায়ে ঠায়ে বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা।

শনিবাৰে হাফলঙত ভূমিস্খলনৰ ঘটনাত এগৰাকী মহিলাসহ তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Uy4AXqLj?format=jpg&name=small

মুষলধাৰ বৰষুণে ডিমা হাচাও জিলাৰ হাফলং অঞ্চলৰ বিভিন্ন পথত ভূমিস্খলন হোৱাৰ লগতে হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাক সংযোগী গড়কাপ্তানি পথটোৰ ওপৰেৰে পানী বাগৰাৰ ফলত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে।

কাছাৰৰ উপায়ুক্তই কয় যে, বৰখোলা অঞ্চলত পানীৰ স্তৰ বাঢ়ি অহাৰ পিছত জিলা প্ৰশাসনে লগে লগে অসম ৰাইফলছৰ সৈতে যোগাযোগ কৰে আৰু আবদ্ধ লোক সকলক উদ্ধাৰ কৰি সাহাৰ্য্যৰ ব্যৱস্থা কৰে।

Leave a Comment