ৰাজ্যত বন্ধ হ’ব মাদ্ৰাছা, চৰকাৰৰ সিদ্ধান্তক চীল-মোহৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ…

এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হ’ব ৰাজ্যৰ মাদ্ৰাছা সমূহ।

চৰকাৰৰ মাদ্ৰাছা বন্ধৰ সিদ্ধান্তক চীল-মোহৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

উল্লেখ্য যে, ২০২০চনত মাদ্ৰাছা শিক্ষা বন্ধৰ বাবে চৰকাৰে আনিছিল নতুন আইন।

এই আইন অনাৰ পাছতে ৰাজ্যত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ।

চৰকাৰৰ এই আইনক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত কেইবাগৰাকী ব্যক্তিয়ে দাখিল কৰিছিল লেখ আবেদন।

কিন্তু অৱশেষত শুক্ৰবাৰে ন্যায়ালয়ে চৰকাৰী সিদ্ধান্তক মান্যতা প্ৰদান কৰি ৰাজ্যৰ মাদ্ৰাছা সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰে।

Leave a Comment