fbpx
অসমীয়াঅসম

ৰাজ্যত পৰিছে বাল্য বিবাহ বিৰোধী অভিযানৰ ইতিবাচক প্ৰভাৱ! জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান।

ইতিমধ্যে সমগ্ৰ ৰাজ্যত ৩ হাজাৰৰো অধিক লোকক বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। গোচৰ ৰুজু কৰা হৈছে ৪ সহস্ৰাধিকৰ বিৰুদ্ধে।

ৰাজ্যত বিগত প্ৰায় দুসপ্তাহ ধৰি চলি থকা এই অভিযানে স্বাভাৱিকতে সৃষ্টি কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

একাংশ লোক সৰৱ হৈ আছে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ বিৰুদ্ধে।

কিন্তু তাৰ পিছতো নিজৰ স্থিতিত অটল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰা মতে, চৰকাৰৰ এনে অভিযানৰ বাবেই ৰাজ্যত পূৰ্ব নিৰ্ধাৰিত কেইবাখনো বাল্য বিবাহ বাতিল কৰিছে কেইবাটাও পৰিয়ালে।

টুইটাৰত মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে যে এনে অবৈধ কাৰ্য্যৰ বিৰুদ্ধে আমাৰ অভিযানৰ বাবে কেইবাটাও পৰিয়ালে নিজৰ কম বয়সীয়া সন্তানৰ পূৰ্ব নিৰ্ধাৰিত বিবাহ বাতিল কৰিছে। বাল্যবিবাহৰ বিৰুদ্ধে আমাৰ দুসপ্তাহজোৰা অভিযানৰ ইতিবাচক প্ৰভাৱ নিশ্চিতভাৱে পৰিছে।’

উল্লেখ্য যে, অসমত বাল্য বিবাহ এক ভয়াবহ সমস্যা হিচাপে দেখা দিছিল।

যাৰ বাবে নৱজাতকৰ মৃত্যুৰ হাৰ প্ৰতিৰোধৰ বাবেই চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা বুলি মন্তব্য কৰিছিল।

Related Articles

Back to top button