ৰাজ্যত প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ একত্রীকৰণৰ সিদ্ধান্ত, নতুনকৈ গঠন বিদ্যালয় শিক্ষা বিভাগ…

অতীত হ’ল প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষা বিভাগ।
অসমত প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগ একত্রীকৰণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ।
নতুনকৈ ৰাজ্যত গঠন হ’ল বিদ্যালয় শিক্ষা বিভাগ।
এতিয়াৰে পৰা প্ৰথামিক শিক্ষা বিভাগ আৰু মাধ্যমিক শিক্ষা বিভাগ একত্ৰিত কৰি বিদ্যালয় শিক্ষা বিভাগ নামেৰে নতুনকৈ নামাকৰণ কৰা হৈছে।
দুয়োটা বিভাগৰ সকলো বিষয়া, কৰ্মী নতুনকৈ গঠন কৰা বিদ্যালয় শিক্ষা বিভাগৰ নিয়ন্ত্ৰণত থাকিব।

ৰাজ্য চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ এক অধিসূচনাৰ জৰিয়তে প্ৰাথমিক শিক্ষা আৰু মাধ্যমিক শিক্ষা বিভাগ একত্ৰিত কৰাৰ কথা ঘোষণা কৰা হৈছে।
এতিয়াৰে পৰা সকলো যোগাযোগ বিদ্যালয় শিক্ষা বিভাগৰ নামত কৰাৰ নিৰ্দেশ।
প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ সকলো সঞ্চালকালয় বিদ্যালয় শিক্ষা বিভাগৰ অধীনস্থ হ’ব।
তাৎক্ষণিকভাৱে বলৱৎ হ’ব দুয়োটা বিভাগৰ একত্ৰীকৰণৰ নিৰ্দেশ।