fbpx
অসম

ৰাজ্যত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড! স্বামীক ছুৰীৰে হানি-খুঁচি হত্যা পত্নীৰ, পিছত থানাত আত্মসমৰ্পণ…

ৰাজ্যত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড!

পুনৰ পত্নীৰ হাতত প্ৰাণ হেৰুৱালে এগৰাকী স্বামীয়ে।

এইবাৰ স্বামীক ছুৰীৰে হানি-খুঁচি হত্যা হত্যা কৰি থানাত আত্মসমৰ্পণ পত্নীৰ।

শিলচৰৰ মেহেৰপুৰ কাবিউৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

পত্নী মাপ্পী বেগমে ছুৰীৰে হানি-খুঁচি হত্যা কৰে ফাৰমিন উদ্দিনক।

উল্লেখ্য যে, স্বামীক ছুৰীৰে হানি-খুঁচি লোৱাৰ পাছতে পত্নীয়ে নিজেই স্বামীক চিকিৎসালয়লৈ লৈ গৈছিল যদিও চিকিৎসালয় যোৱাৰ পথতে মৃত্যু ঘটে স্বামীৰ।

স্থানীয় একাংশ ৰাইজে জনোৱা অনুসৰি পত্নীৰ পৰকীয়া প্ৰেমৰ কাৰণে ঘৰত সঘনাই হৈছিল কাজিয়া।

যাৰ ফলতেই পত্নীয়ে এই হত্যাকাণ্ড সংঘটিত কৰে বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে।

অৱশ্যে কি কাৰণে এই ভয়ানক হত্যাকাণ্ডটি সংঘটিত হ’ল তাৰ প্ৰকৃত কৰাণ আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!