ৰাজ্যত পুনৰ ভয়ংকৰ গুলীচালনাৰ ঘটনা।
উগ্ৰপন্থীৰ গুলীত তিনিজনকৈ লোকৰ মৃত্যুৰ খবৰ।
তিনিচুকীয়াৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ জাগুনৰ সমীপৰ ফিনভিৰু আৰু ৰিংৰাংখানৰ মাজৰ তামোলবাৰীত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।
এই গুলীচালনাৰ ঘটনাত আলফা(স্বাঃ) জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
আলফাৰ শীৰ্ষ নেতা উদয় অসমৰ মৃত্যুত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি সংগঠনটোৱে তিনিজন লোকক গুলীয়াই হত্যা কৰা বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে আৰক্ষীৰ গুলীত নিহত হৈছিল আলফাৰ শীৰ্ষ কেডাৰ উদয় অসম।
অৱশ্যে বৰ্তমানলৈ কোনো সংগঠনে স্বীকাৰ কৰা নাই ঘটনাৰ দায়িত্ব৷