ৰাজ্যত পুনৰ দলবদ্ধ আক্ৰমণৰ ঘটনা, অতি নিৰ্মম ভাৱে হত্যা কৰা হ’ল আফজলক…

ৰাজ্যত পুনৰ দলবদ্ধ আক্ৰমণৰ ঘটনা।

অতি নিৰ্মম ভাৱে আক্ৰমণ কৰি হত্যা কৰা হ’ল আফজলক।

এইবাৰ এই বৰ্বৰ আক্ৰমণ আৰু হত্যাৰ ঘটনা সংঘটিত হৈছে কাছাৰ জিলাত।

কাছাৰ জিলাৰ উধাৰবন্দ বিধানসভা সমষ্টিৰ অন্তর্গত ব্রেইন নগৰত এইবাৰ সংঘটিত হৈছে এই জঘন্য ঘটনা।

দলবদ্ধ আক্ৰমণত প্রাণ হেৰুৱালে ২৮ বৰ্ষীয় আফজল হুছেইন মজুমদাৰ নামৰ এজন যুৱকে।

৫-৬ জনীয়া এটা দলে নিশা চোকা অস্ত্রৰে দলবদ্ধ আক্রমণ চলাই আফজলৰ ওপৰত৷ যাৰ ফলত ঘটনাস্থলীত কৰুণ বাৱে মৃত্যুক সৱাটি লয় আফজলে৷

আফজলে কালী পূজা কৰা বাবেই হত্যা কৰাৰ অভিযোগ তুলিছে আফজলৰ মাতৃয়ে।

লগতে অফজলৰ পৰা ৮০ হাজাৰ টকাও লুটি নিয়াৰ অভিযোগ উত্থাপিত হৈছে৷

ঘটনাৰ পিছতে জয়পুৰ আৰক্ষীয়ে ঘটনা সম্পৰ্কে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

অফজলৰ মাতৃয়ে ছয়জনৰ বিৰুদ্ধ অভিযোগ উত্থাপন কৰি জয়পুৰ আৰক্ষী থানাত এখন গোচৰ ৰুজু কৰিছে৷

অভিযুক্ত সকল হৈছে আলতা হুসেন, ৰবিজুল লস্কৰ, তাজ উদ্দিন, ফোজ উদ্দিন, মঞ্জুল হুছেইন আৰু নাদান মিয়া।

Leave a Comment