ৰাজ্যত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড! অমৰজিৎ চাহু নামৰ এজন ছাত্ৰক অপহৰণৰ অভিযোগ…

ৰাজ্যত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড।

যোৰহাটত ৰজাবাৰীত সংঘটিত হৈছে এক অপহৰণৰ ঘটনা।

অমৰজিৎ চাহু নামৰ এজন ছাত্ৰক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অপহৰণকাৰীয়ে ৫০ লাখ টকাৰ মুক্তিপণ বিচৰাৰ কথা পোহৰলৈ আহিছে।

অমৰজিৎ চাহুৰ ঘৰ যোৰহাটৰ বাঁহবাৰীত আৰু তেওঁ ৰাজেশ চাহু নামৰ এগৰাকী ঠিকাদাৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

এই সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে যোৰহাট সদৰ থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

আনহাতে, এই সমগ্ৰ অপহৰণ কাণ্ড ৰহস্যজনক বুলি ধাৰণা কৰিছে একাংশই।

প্ৰকৃততে অমৰজিতক অপহৰণ কৰা হৈছে নে নাই সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।