ৰাজ্যত পুনৰ এনকাউণ্টাৰ, ATMৰ ভিতৰত থকা ডকাইতলৈ আৰক্ষীৰ গুলী…

ৰাজ্যত এটাৰ পিছত আন এটাকৈ সংঘটিত হৈ আছে আৰক্ষীৰ গুলীচালনা কৰাৰ ঘটনা।

এইবাৰ ডিব্ৰুগড়ত আৰক্ষীয়ে চলালে গুলী।

ডিব্ৰুগড় জিলাৰ চাবুৱাত পুৱতি নিশা ডকাইতলৈ লক্ষ্য কৰি চলালে গুলী।

চাবুৱাৰ এম ই এছ তিনিআলিত থকা এটিএম ভাঙি লুট কৰাৰ বাবে আহিছিল ডকাইতটো।

কিন্তু এটিএমটো ভাঙিবলৈ চেষ্টা কৰি থকাৰ সময়তে ঘটনাস্থলীত আহি আৰক্ষী উপস্থিত হয়।

লগে লগে আৰক্ষীয়ে গতি বিধি দেখি ডকাইতটোলৈ লক্ষ্য কৰি গুলী চালনা কৰে।

ফলত আৰক্ষীৰ গুলীত আহত হয় ডকাইতটো।

ইয়াৰ পিছতে আহত ডকাইতটোক চাবুৱাৰ আৰক্ষীয়ে অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে।

বৰ্তমান অসম মেডিকেল কলেজ হাস্পতালতে চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ ডকাইত।

Leave a Comment