অসম

ৰাজ্যত পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত নিহত ৩ কুখ্যাত ডকাইত…

গোৱালপাৰাত পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰৰ।

গোৱালপাৰা জিলাৰ আগিয়া থানাৰ অন্তৰ্গত টুকুৰাত সংঘটিত এনকাউণ্টাৰত নিহত তিনিজনকৈ দুৰ্ধৰ্ষ ডকাইত।

আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষৰ ফলতে তিনিগৰাকা ডকাইত মৃত্যু মুখত পৰে।

নিহত ডকাইত কেইজন ক্ৰমে ছাহজাহান আলী, সুজল আলী আৰু নজমুল হক।

এগৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱাৰ বিপৰীতে অন্য দুগৰাকীয়ে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে৷

জানিব পৰা মতে, নিহত ডকাইতৰ দলটোৱে এ এছ ১৮ এ চি ১১৮২ নম্বৰৰ এখন পিক আপ ভান এখনেৰে এ এছ ১৭ বি ৯০৪৭ নম্বৰৰ চুপাৰী ভৰ্তি পিক আপ ভানখন ডকাইতি কৰিবলৈ পৰিকল্পনা কৰি ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সন্ধিয়াৰ ভাগত অনুসৰণ কৰে। ।

এই খবৰ লাভ কৰাৰ পিছতে আগিয়া আৰক্ষীয়ে আৰম্ভ কৰে অভিযান।

আৰক্ষীক দেখা মাত্ৰকে ডকাইত কেইজনে আৰক্ষীক গুলী চলোৱাত আৰক্ষীয়েও গুলীৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। আৰক্ষীৰ গুলীত এজন ডকাইত থিতাতে নিহত হয়৷

উল্লেখ্য যে, যোৱা ২৯মাৰ্চত চহৰৰ ৰাক্ষসিনীত আব্দুৰ ৰহমান ওৰফে ৰিংকু নামৰ এজন অপৰাধী আৰক্ষীৰ অপৰাধত আহত হৈছিল।

নিহত তিনি অপৰাধী ৰিংকুৰে সতীর্থ আটাইকেইটা একেটা গেংৰ লোক। ৰিংকুৰ ভাষ্য অনুসৰি আৰক্ষীয়ে অভিযান চলাইছিল আৰক্ষীয়ে।

নিহত হোৱো ডকাইত তিনিজন, চুৰ ডকাইত, অপহৰণ আদি কাৰ্যৰ লগত জড়িত আছিল বুলি আৰক্ষীয়ে জানিব দিয়ে।

Related Articles

Leave a Reply

Back to top button