অসমঅসমীয়া

ৰাজ্যত পুনৰ উত্থান ঘটিব আঞ্চলিকতাবাদৰ, আঞ্চলিক ভাৱধাৰাৰ ব্যক্তি কেতিয়াও ৰাষ্ট্ৰবাদী হ’ব নোৱাৰেঃ ফণীভূষণ চৌধুৰী

পুনৰ উত্থান ঘটিব আঞ্চলিকতাবাদৰ। -এই বিশ্বাস জ্যেষ্ঠ অগপ নেতা তথা বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ।

সাংবাদিকৰে বাৰ্তালাপৰ মূহুৰ্তত আঞ্চলিকতাবাদৰ পুনৰ উত্থান ঘটিব বুলি মন্তব্য কৰি জ্যেষ্ঠ অগপ নেতাগৰাকীয়ে কয় যে অহা এবছৰৰ ভিতৰত অসমবাসী ৰাইজে আঞ্চলিকতাবাদৰ উত্থানৰ লক্ষণ দেখা পাব।

G2 17

উল্লেখ্য যে, সমাগত পৌৰসভা নিৰ্বাচনত এইবাৰ বঙাইগাঁৱত সন্মুখ সমৰত অৱতীৰ্ণ হৈছে অসম চৰকাৰৰ দুই মিত্ৰদল অগপ আৰু বিজেপি।

বঙাইগাঁৱৰ মুঠ ২৫ টা ৱাৰ্ডৰ ২৪টাতে অসম গণ পৰিষদৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰাইছে বিজেপিয়ে। যাৰ বাবে পলমকৈ হ’লেও বিজেপিৰ কুটিল ৰাজনীতিৰ কথা উপলব্ধি কৰি পুনৰ আঞ্চলিকতাবাদমুখী হৈছে বহু অগপ নেতা-কৰ্মী।

3 4

ক্ষমতাৰ লালসাত এসময়ত বিজেপিৰ ৰাষ্ট্ৰীয়তাবাদৰ সৈতে একাকাৰ হৈ পৰা অসম গণ পৰিষদে শেহতীয়াকৈ বিজেপিৰ চতুৰ ৰাজনীতি বুজি উঠাৰ পিছতে অগপ নেতা ফণীভূষণ চৌধুৰীৰ মন্তব্য- আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ কেতিয়াও একে হব নোৱাৰে। আঞ্চলিক ভাৱধাৰাৰ ব্যক্তি কেতিয়াও ৰাষ্ট্ৰবাদী হ’ব নোৱাৰে।

সংবাদ মাধ্যমৰ সন্মুখত চৌধুৰীয়ে কয়, ‘‘অসমত নিশ্চিতভাৱে আঞ্চলিকতাবাদৰ পুনৰুত্থান হ’বই। খুব সোনকালে পুনৰুত্থান হ’ব। এবছৰৰ ভিতৰতে ৰাইজে ইয়াৰ লক্ষণ দেখিব। মই ভাবো আঞ্চলিকতাবাদৰ ৰূপ সলনি হ’বই। সৰু-বৰ আঞ্চলিক দলসমূহ একত্ৰিত হোৱাৰ সময় সমাগত হৈছে। অসমৰ ৰাইজে এদিন আঞ্চলিক দলসমূহক একত্রিত হ’বলৈ আহ্বান জনাব। ৰাইজৰ আহ্বানৰ প্ৰতি আমি সঁহাৰি জনাবই লাগিব। আঞ্চলিকতাবাদক শক্তিশালী কৰিবই লাগিব।’

এইবাৰ পৌৰসভা নিৰ্বাচনত আঞ্চলিকতাবাদৰ উত্থানৰ প্ৰমান সকলোৱে লাভ কৰিব বুলিও মন্তব্য কৰে অগপ নেতাগৰাকীয়ে। তেওঁ লগতে কয়, ‘অগপৰ শক্তি এতিয়াও মজবুত হৈ আছে। কেতিয়াবা আমি উজুটি খাবলগীয়া হৈছে। বিভিন্ন কাৰকে ক্ৰিয়া কৰিছে। সেইবাবে ওলাই আহিব পৰা নাই। কিন্তু এদিন আমি ওলাই আহিম। ৰাইজে আমাক আগুৱাই যাবলৈ বাধ্য কৰাব।’

উল্লেখ্য যে, অসমীয়াৰ আবেগত জন্ম হোৱা অসম গণ পৰিষদে ক্ষমতাৰ লোভত অন্ধ হৈ বিজেপিৰ শৰণাপন্ন হোৱাৰ পিছতে অসমত ক্ৰমাৎ আঞ্চলিকতাবাদৰ ভাৱধাৰাৰ অৱসান ঘটিছিল। আনকি নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ সময়তো অগপৰ আঞ্চলকিতাবাদৰ ঠাইত ৰাষ্ট্ৰবাদী ধাৰণাই স্পষ্ট হৈ পৰিছিল।

শেহতীয়াকৈ যোৱাটো বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে অসমীয়াৰ মাজত পুনৰ আঞ্চলিকতাৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা কৰিলেও সফল হোৱা দেখা নগ’ল।

আনহাতে মিত্ৰজোঁটৰ নতুন চৰকাৰত মন্ত্ৰিত্ব হেৰুৱাই এনেয়েই বিজেপিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ থকা অগপ নেতা ফণীভূষণ চৌধুৰীয়ে এতিয়া বঙাইগাঁৱৰ পৌৰ সভা নিৰ্বাচনত বিজেপিৰ স্থিতি দেখি পুনৰ এবাৰ ৰাইজৰ মনত আঞ্চলিকতাবাদক স্থাপিত কৰাৰ প্ৰয়াস কৰা দেখা গৈছে।

অসমৰ লগতে সমগ্ৰ ভাৰতৰ আঞ্চলিক দলসমূহক এফালৰ পৰা নসাৎ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত আঞ্চলিকতাবাদৰ পুনৰ উত্থানক লৈ ফণীভূষণ চৌধুৰীয়ে কৰা ভৱিষ্যদ্বানীক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে।

Related Articles

Leave a Reply

Back to top button