ৰাজ্যত পুনৰ আৰক্ষীৰ জালত ভুৱা চিকিৎসক, দীৰ্ঘদিনে চলাই আহিছিল চিকিৎসা…

ৰাজ্যত পুনৰ আৰক্ষীৰ জালত পৰিছে এগৰাকী ভুৱা চিকিৎসক।

মাজুলীত আৰক্ষীয়ে এজন ভুৱা চিকিৎসকক আটক কৰে।

ভুৱা চিকিৎসকজন অৰবিন্দ ঘোষ বুলি জানিব পৰা গৈছে।

অৰবিন্দ ঘোষ হৈছে মাজুলী জিলাৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীৰাম গাঁও পঞ্চায়তৰ বঙালকটা গাঁৱৰ বাসিন্দা।

দীৰ্ঘদিন ধৰি শ্ৰীৰাম গাঁও পঞ্চায়তৰ বঙালকটা গাঁৱত ফাৰ্মাচী দোকান স্থাপন কৰি সেই ফাৰ্মাচীতে বিভিন্ন ৰোগীক চিকিৎসা চলাই আহিছিল।

এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে দিয়া গোচৰৰ ভিত্তিত নয়াবজাৰ আৰক্ষী চকীৰ আৰক্ষীৰ দলে জেংৰাইমুখ আৰক্ষী থানাৰ সহযোগত অভিযান চলাই সোমবাৰে দিনৰ প্ৰায় ১ বজাত লুহিতপৰীয়াৰ লাচন গাঁৱলৈ ৰোগীক চিকিৎসা কৰিবলৈ যোৱা অৱস্থাৰ পৰা অৰবিন্দ ঘোষ নামৰ ভুৱা চিকিৎসকজনক আটক কৰে।

আৰক্ষীয়ে তদন্ত চলোৱাৰ সময়ত ১৯৯৫ চনতে ম্যাদ ওকলি যোৱা সাধাৰণ নথি লাভ কৰা বুলি জেংৰাইমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

আৰক্ষীৰ জেৰাৰ সময়ত বিগত কেইবাবছৰ ধৰি চয়ম্ভু চিকিৎসকজনে বহু ৰোগীক চিকিৎসা চলাই অহাৰ কথা সদৰি কৰে। তদন্তৰ সময়ত আৰক্ষীয়ে ভুৱা চিকিৎসকজনৰ ঘৰৰ পৰা বহু ঔষধসহ চিকিৎসা সা-সামগ্ৰী জব্দ কৰে।

Leave a Comment