ৰাজ্যত ক’ভিড-১৯ত মৃত্যু ৪ জনৰ, নতুনকৈ আক্ৰান্ত ৫৭৩ জন

April 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতাে ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড-১৯ত আক্ৰান্ত লােকৰ সংখ্যা।

শুকুৰবাৰে ৫৭৩ লোকক নতুনকৈ ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

শুকুৰবাৰে মুঠ ৩২,৪২১ লােকৰ পৰীক্ষা সম্পন্ন কৰা হয়। এই অনুসৰি, শুকুৰবাৰে ৰাজ্যত সামগ্ৰিকভাৱে আক্ৰান্তৰ হাৰ ১.৭৭ শতাংশ।

ইয়াৰে গুৱাহাটী মেট্ৰ’ত শুকুৰবাৰৰ দিনটােত নতুনকৈ আক্ৰান্ত হােৱা লােকৰ সংখ্যা ২৪৫ জন। ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীতে আক্ৰান্তৰ সংখ্যা সৰ্বাধিক।

টুইটাৰৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে।

শুকুৰবাৰৰ দিনটােৰ পৰিসংখ্যা অনুসৰি, ৰাজ্যখনত মুঠ সক্ৰিয় ৰােগীৰ সংখ্যা ৪,੦৬৯ লৈ বৃদ্ধি পাইছে। দিনটােত মুঠ ১১৩ জন সুস্থ হৈ উঠা লােকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।

উল্লেখ্য যে বৃহস্পতিবাৰে ৰাজ্যখনত ১৮,৩২৩ টা পৰীক্ষা সম্পন্ন হৈছিল আৰু ইয়াৰ মাজত ৪৯৯ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হিচাপে ধৰা পৰিছিল।

ইপিনে, ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত ক’ভিশ্বিল্ড আৰু ক’ভেক্সিন নামৰ প্ৰতিষেধকৰ পৰ্যাপ্ত পালি মজুত আছে বুলি টুইটাৰত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

লগতে চাওকঃ

ক’ভিড আক্ৰান্ত হৈ অসমৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়াৰ দিল্লীত মৃত্যু