ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংকঃ এইপৰ্যন্ত ৯৮ জন লোক আক্ৰান্ত, ১০ জনৰ মৃত্যু…

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ।

বানপানীৰ পিছতে ৰাজ্যত ইখনৰ পিছত সিখন জিলাত দেখা গৈছে জাপানীজ এনকেফেলাইটিছৰ আতংক।

সোমবাৰৰ দিনটোত মুঠ ১২ গৰাকী লোক আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত।

চিৰাং, দৰং, তিনিচুকীয়াত এজনকৈ লোক আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছত।

আনহাতে নগাওঁ, কৰিমগঞ্জ, শোণিতপুৰত আক্ৰান্ত হৈছে ২ জনকৈ লোক।

মৰিগাওঁত তিনিজনৰ আক্ৰান্ত হৈছে এই ৰোগত।

আনহাতে সোমবাৰৰ দিনটোত জাপানীজ এনকেফেলাইটিছ মুত্যু হৈছে ২ জন লোকৰ।

ইয়াৰে এজন বৰপেটা আৰু আনজন যোৰহাটৰ।

উল্লেখ্য যে, বৰ্তমানলৈকে ৰাজ্যত মুঠ ৯৮ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১০ জন লোকৰ মৃত্যু হৈছে।