ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংকঃ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ কৰুণ মৃত্যু…

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক।

এফালে বান আনফালে ভূতৰ ওপৰত দানহ পৰা দি ৰাজ্যত ক’ভিডৰ লগতে জাপানী এনকেফেলাইটিছ আৰু ডেংগুৰ আতংক।

আমগুৰিত জাপানীজ এনকেফেলাইটিছ মৃত্যু এগৰাকী ষষ্ঠ শ্রেণীৰ ছাত্রী।

মৃত্যু হোৱা ছাত্রীগৰাকী হাতীমূৰীয়াৰ আকাশী নেওগ।

295
ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংকঃ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ কৰুণ মৃত্যু... 3

জানিব পৰা মতে, হাতীমূৰীয়া ঘৰফলীয়াৰ উমেশ নেওগৰ কন্যা আকাশী নেওগ বিগত কেবাদিনো ধৰি জ্বৰত ভুগি আছিল বুলি পৰিয়ালৰ লোকে জানিব দিয়ে।

পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও শনিবাৰে মৃত্যু হয় দেওধাই মজলীয়া বিদ্যালয়ৰ ছাত্ৰী আকাশীৰ।

যোৰহাট মিছন হাস্পতালত মৃত্যু ছাত্রীগৰাকীৰ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত এপ্ৰিলৰ পৰা 7 জুলাই পর্যন্ত অসমত 48 জন লোক জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈছে৷ ইয়াৰে 6 জনৰ মৃত্যু হৈছে।

মৃত্যু হোৱা কেইজনৰ ভিতৰত দুজন যোৰহাটৰ, এজন লখিমপুৰৰ, এজন কামৰূপৰ আৰু এজন ধেমাজিৰ।

লগতে চাওকঃ

২৫ হাজাৰ টকাৰ ঘােচ লৈ ৰঙাঘৰৰ আলহী হ’ল বৈধ পৰিমাপ বিভাগৰ নিয়ন্ত্ৰক…

284
ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংকঃ এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ কৰুণ মৃত্যু... 4