ৰাজ্যত চলি থকা বিদ্যুতৰ বিলৰ খেলিমেলি সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই..?

হঠাৎ ৰাজ্যত অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল।
কাৰোবাৰ কাৰোবাৰ ঘৰৰ বিদ্যুতৰ বিল পূৰ্বৰ বিলৰ তুলনাত তিনিগুণ হৈছে।
বিদ্যুতৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে মানুহক আচৰিত কৰি তুলিছে।
যাক লৈ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চিত হৈছে বিষয়টো।

ৰাজ্যজুৰি বিদ্যুৎ বিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এনে এক পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত এ পি ডি চি এলক এক বিশেষ নিৰ্দেশনা প্ৰেৰণ কৰিছে।
There has been no hike in power tariff but instances of unreasonable bill amounts have come in from consumers which is due to faulty readings in some of the newly installed smart meters. Instructed @apdclsocial to urgently fix the faulty smart meters and address public grievances
— Himanta Biswa Sarma (@himantabiswa) September 16, 2022
মুখ্যমন্ত্ৰী শৰ্মাই টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি, বিদ্যুৎ মাচুল বৃদ্ধিৰ গাফিলতি দূৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৈছে যে, বিদ্যুৎ মাচুল বৃদ্ধি হোৱা নাই। নতুনকৈ সংযোজিত স্মাৰ্ট মিটাৰতহে ধৰা পৰিছে গাফিলতি।
উল্লেখ্য যে, স্মাৰ্ট মিটাৰৰ বিসংগতিৰ বাবেই বিদ্যুৎ বিল বৃদ্ধি পোৱা বুলি একাংশ লোকে আশংকা কৰিছিল যদিও শক্তি বিভাগ তথা এ পি ডি চি এলে নতুন স্মাৰ্ট মিটাৰৰ বাবে এনে হোৱা নাই বুলি স্পষ্টিকৰণ দিছিল।