fbpx
অসম

ৰাজ্যত কৰ্ণাটক আৰক্ষীৰ অভিযান, ১০ লাখ টকাৰ চুৰি হোৱা সোণ-ৰূপৰ গহনা উদ্ধাৰ…

দৰঙৰ দলগাঁৱত বৃহৎ পৰিমাণৰ চুৰি হোৱা সোণ উদ্ধাৰ।

কৰ্ণাটক আৰক্ষীয়ে দৰং আৰক্ষীৰ সহযোগত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে চুৰি গহনাখিনি।

উল্লেখ্য যে, কৰ্ণাটকত শ্রমিক হিচাপে কাম কৰিবলৈ যোৱা দলগাঁৱৰ ছফিকুলে কৰ্ণাটকৰ এঘৰৰ পৰা চুৰি কৰি আনিছিল প্ৰায় দহ লাখ টকা মূল্যৰ সোণ আৰু হীৰাৰ অলংকাৰ।

শ্রমিকজনক বিচাৰি আজি দলগাঁও থানাত উপস্থিত হয় কৰ্ণাটকৰ আৰক্ষী।

ছফিকুল নামৰ যুৱকজনে কাম কৰিছিল কৰ্ণাটকত। কিন্ত সুযোগ বুজি ওচৰতে থকা অৱসৰপ্ৰাপ্ত বিষয়া এজনৰ ঘৰৰ পৰা চুৰি কৰিছিল ঘৰৰ সকলো সোণ-ৰূপৰ সৈতে হীৰাৰ আ অলংকাৰ।

পাছত চিচি টিভিত যুৱকজনক চিনাক্ত কৰি পলাতক যুৱকজনৰ সন্ধানত কৰ্ণাটকৰ পৰা আৰক্ষী দল আহি উপস্থিত হয় দলগাঁৱত।

দৰঙৰ দলগাঁও থানাৰ আৰক্ষীৰ সহযোগত কৰ্ণাটকৰ আৰক্ষীয়ে দলগাঁৱৰ নদীৰকাষ গাঁৱত অভিযান চলাই ছফিকুলৰ ঘৰত মাটিত পুতি ৰখা অৱস্থাত উদ্ধাৰ কৰে চুৰি হোৱা বৃহৎ পৰিমাণৰ গহনা খিনি।

আৱশ্যে এতিয়াও আৰক্ষীৰ হাতত পৰা নাই ছফিকুল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!