ৰাজ্যত ক’ভিড-১৯ত নতুনকৈ আক্ৰান্ত ৮৭৬ জন, গুৱাহাটীত আক্ৰান্ত ৩৬੦ জন-মৃত ২

April 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতাে ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড-১৯ত আক্ৰান্ত লােকৰ সংখ্যা।

শনিবাৰে ৮৭৬ জন লোকক নতুনকৈ ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হয়।

দিনটােত মুঠ ৪৩,২৬৮ জনৰ ক’ভিড-১৯ৰ পৰীক্ষা সম্পন্ন কৰা হয়। এই অনুসৰি, শনিবাৰে ৰাজ্যত সামগ্ৰিকভাৱে আক্ৰান্তৰ হাৰ ২.੦২ শতাংশ।

ইয়াৰে গুৱাহাটী মেট্ৰ’ত দিনটােত নতুনকৈ আক্ৰান্ত হােৱা লােকৰ সংখ্যা ৩৬੦ জন। ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীতে আক্ৰান্তৰ সংখ্যা সৰ্বাধিক।

টুইটাৰৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। দিনটােত দুজন কৰােনাত আক্ৰান্ত লােকৰ মৃত্যু হয়।

ইপিনে, শনিবাৰে মুঠ ১৪৯ জন ক’ভিড-১৯ নিগেটিভ লােকক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। চৰকাৰী তথ্য মতে, ৰাজ্যত সম্প্ৰতি সক্ৰিয় ৰােগীৰ সংখ্যা ৪,৭৯৪ জন।

উল্লেখ্য যে শুকুৰবাৰে ৰাজ্যত মুঠ ৩২,৪২১ টা পৰীক্ষা সম্পন্ন হৈছিল আৰু ইয়াৰ মাজত ৫৭৩ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হিচাপে ধৰা পৰিছিল।

লগতে চাওকঃ

ক’ভিড-১৯ত আক্ৰান্ত হ’ল ‘দুখীয়াৰ ভগৱান’!

মৃত্যুৰ পূৰ্বে ক’ৰােনা ৰােগীৰ ভয়াৱহ অভিজ্ঞতাৰ কথা ব্যক্ত সমাজকৰ্মীৰ, ভিডিঅ’ ভাইৰেল