fbpx
অসম

ৰাজ্যত এইবাৰ অন্তিমবাৰৰ বাবে অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা…

ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱৎ কৰাৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ।

আগন্তুক শিক্ষাবৰ্ষৰ পৰা ৰাজ্যত বলৱৎ হ’ব ৰাষ্ট্ৰীয় শিক্ষা নীতি।

নতুন শিক্ষা নীতি বলৱৎ হোৱাৰ লগা লগে বিদ্যালয় আৰু মহাবিদ্যালয় সমূহৰ পাঠ্যক্ৰমত ব্যাপক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা দেখা গৈছে।

সেই অনুসৰি এইবাৰ অন্তিমবাৰৰ বাবে ৰাজ্যত অনুষ্ঠিত হ’ব মেট্ৰিক পৰীক্ষা।

ইয়াৰ পৰিৱৰ্তি আগন্তুক বৰ্ষৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ’ব।

এই কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননীগোপাল মহন্তই।

শিক্ষা উপদেষ্টা গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ৰাজ্যৰ প্ৰতিখন বিদ্যালয় আৰু স্বায়ত্ত শাসিত মহাবিদ্যালয়সমূহক পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে। শিক্ষা বিভাগৰ তৰফৰ পৰা ইতিমধ্যে নতুন পাঠ্যক্ৰমৰ ৮০ শতাংশ সাজু হৈছে।

শিক্ষা উপদেষ্টা গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, নতুন শিক্ষানীতি বলৱৎ হ’লে মহাবিদ্যালয়ৰ পৰা আঁতৰিব একাদশ আৰু দ্বাদশ শ্ৰেণী। তদুপৰি নাথাকিব বিজ্ঞান, বাণিজ্য আৰু কলা বুলি সুকীয়া পাঠ্যক্ৰম।

ইফালে নতুন শিক্ষানীতি অনুসৰিয়েই চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে ছেবা। চাৰিটাকৈ মুখ্য বিষয়ত এইবাৰ পৰিবৰ্তন আনিছে ছেবাই। সেই অনুসৰি এইবাৰ মেট্ৰিকত চাৰিটা বিষয়ত থাকিব ৫০ শতাংশ অবজেকটিভ প্ৰশ্ন। লগতে প্ৰথমবাৰৰ বাবে গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানত থাকিব দুখনকৈ পৃথক পৃথক উত্তৰবহী।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!