fbpx
অসম

ৰাজ্যত আন এক শিহৰণকাৰী হত্যাকাণ্ড! কটা মূৰ লৈ ৰাজপথত এজন লোক, আটক আৰক্ষীৰ…

যোৰহাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

যোৰহাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত হাতত এজন লোকৰ ছিন্নমুণ্ড লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে এজন লোকক।

মঙলবাৰে নিশা চেনিজান বাঘমৰীয়াত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

এজন লোকক হত্যা কৰি স্কুল বেগত ছিন্নমুণ্ড লৈ আনিছিল এজন লোকে।

টীয়কৰ লাহদৈগড় আৰক্ষীয়ে আটক কৰিছে লোকজনক।

জানিব পৰা মতে মুণ্ড লৈ আহি থকা লোকজনৰ নাম লোহিত গগৈ।

আৰক্ষীয়ে আটক কৰি ঘটনা সন্দৰ্ভত সোধপোচ অব্যাহত ৰাখিছে।

লোহিত গগৈৰ পৰা আৰক্ষীয়ে এখন কলম কটাৰী উদ্ধাৰ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!