ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত, পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী লোকৰ…

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাতৰ ভয়াৱহ ৰূপ।

ৰাজ্যত পুনৰ বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ’ল এগৰাকী লোকৰ।

গুৱাহাটীৰ গড়ভাঙা পাহাৰত সংঘটিত হৈছে এই অঘটন।

হাতীৰ গচকত মৃত্যু হোৱা লোকজন গড়চুক আৰক্ষীয়ে বাক্সাৰ লক্ষ্মী বৰ্মন (৫৫) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, নালাপাৰাত পত্নী, পুত্ৰ-কন্যাসহিতে ভাড়াতীয়া হিচাপে থকা লক্ষ্মী বৰ্মনে পুৱা প্ৰায় ৯.৩০ বজাত গড়ভাঙা পাহাৰলৈ খৰি কাটিবলৈ গৈছিল।

তেওঁ ছাগালপাৰাৰ দেহাল পথেৰে পাহাৰত উঠাৰ সময়তে এটা বন্যহস্তীয়ে খেদি আহে।

অকস্মাতে বনৰীয়া হাতীটো দেখি তেওঁ নিজকে বচোৱাৰ বাবে দৌৰে যদিও হাতীটোৱে পিচে পিচে খেদি আহি আক্ৰমণ কৰে।

ইয়াৰ পিচত হাতীৰ গচকত ঘটনাস্থলীতে প্রাণ হেৰুৱায় ৰাজমিস্ত্রী হিচাপে কাম কৰি পৰিয়াল পোহপাল দিয়া লক্ষ্মী বৰ্মনে।

জানিব পৰামতে যোৱা নিশা তেওঁৰ ঘৰৰ ৰন্ধন গেছ শেষ হৈছিল। সেইবাবে তেওঁ পাহাৰখনলৈ খৰি সংগ্ৰহৰ বাবে গৈছিল। কিন্তু তেনে সময়তে হাতীৰ গচকত চিৰদিনলৈ চকু মুদিবলগীয়া হ’ল ব্যক্তিজনে।

এই ঘটনা অবগত হোৱাৰ পিচতে ঘটনাস্থলীত বন বিভাগৰ কৰ্মচাৰী উপস্থিত হৈ গড়চুক আৰক্ষীৰ সহযোগত দুৰ্ভগীয়া ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।