অসম

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ, আৰক্ষীৰ অভিযানত জব্দ ৭০টা গৰুসহ দুখন নাও…

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ।

গোৱালপাৰাত অব্যাহত আছে অবৈধ চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়।

সোমবাৰে পুৱতি নিশা গোৱালপাৰা আৰক্ষীয়ে পঞ্চৰত্নৰ ব্ৰহ্মপুত্ৰ নদীপথত অভিযান চলাই জব্দ কৰে ৭০ টাকৈ গৰু ভৰ্তি এখন বৃহৎ যন্ত্ৰ চালিত নাও।

নৱনিযুক্ত সদৰ আৰক্ষী বিষয়া দেৱজিত দাসে নদী আৰক্ষীৰ সহযোগত চলোৱা অভিযানত জব্দ হয় চোৰাং গৰু ভৰ্তি নাওসহ আন এখন নাও ।

কিন্তু পুৱতি নিশাৰ অভিযানটোত অন্ধকাৰৰ সুযোগ লৈ চোৰাং গৰু কঢ়িওৱা ব্যৱসায়ী কেইজন পলাই যাবলৈ সক্ষম হয়।

বৰ্তমান গৰু কেইটা নদী আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

আৰক্ষীয়ে গৰু সৰৱৰাহকাৰী কেইজনৰ সন্ধানত অভিযান অৱ্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Back to top button