ৰাজেন্দ্ৰ প্ৰসাদ দাসক কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি…

কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নতুনকৈ নিযুক্তি প্ৰদান ৰাজেন্দ্ৰ প্ৰসাদ দাসক।

ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে শপতবাক্য পাঠ কৰালে ড০ ৰাজেন্দ্ৰ প্ৰসাদ দাসক।

ড০ দাস ইয়াৰ পূর্বে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰতি উপাচার্য আছিল।

উল্লেখ্য যে ইগন’ৰ এই দায়িত্বভাৰ চস্তালাৰ পূৰ্বে তেওঁ ওড়িশাৰ বেৰহেমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ পূর্ণকালীন দায়িত্বত আছিল।

দায়িত্বভাৰ গ্ৰহণ কৰিয়েই অধ্যাপক দাসে বিশ্ববিদ্যালয় পৰিয়ালৰ সকলো সদস্যৰ সৈতে খানাপাৰাস্থিত কাৰ্যালয়ত মিলিত হয়।

তেওঁ আশা প্ৰকাশ কৰে যে, অনাগত দিনবোৰত এই মুক্ত বিশ্ববিদ্যালয়খন ৰাষ্ট্ৰীয় পৰ্যায়ত উঠিব আৰু উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তত শিক্ষাৰ পোহৰ বিলাবলৈ সক্ষম হ’ব।

শপত বাক্য পাঠ অনুষ্ঠানত ৰাজ্যপালৰ আয়ুক্ত সচিব এছ এছ মীনাক্ষি সুন্দৰম, আচাৰ্যৰ সচিবালয়ৰ উপদেষ্টা অধ্যাপক এম কে চৌধুৰী, উচ্চ শিক্ষাৰ আয়ুক্ত সচিব এম এছ মণিৱনন, বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।