অসমীয়াৰাষ্ট্ৰীয়

ৰাজপথত দ্বিতীয়গৰাকী প্ৰিয়দৰ্শিনীৰ আৱিৰ্ভাৱ! ৯০ ছেকেণ্ডৰ ভিতৰত ১৭টা চৰ শোধালে ই-ৰিক্সা চালকক, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ প্ৰিয়দৰ্শিনীৰ কথা আপোনাৰ মনত আছেনে? এই যে লক্ষ্ণৌৰ ৰাজপথত এগৰাকী কেব চালকক উপৰ্যুপৰি চৰ শোধাই সংবাদ শিৰোনাম দখল কৰিছিল…! এইবাৰ আন এগৰাকী প্ৰিয়দৰ্শিনীৰ আৱিৰ্ভাৱ ঘটিল ৰাজপথত। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দ্বিতীয় গৰাকী প্ৰিয়দৰ্শিনীৰ এটা ভিডিঅ’।

৯০ ছেকেণ্ডৰ ভিতৰতে এগৰাকী ই-ৰিক্সা চালকৰ গালত ১৭টা চৰ শোধাই সামাজিক মাধ্যমত ব্যাপকৰূপে চৰ্চিত হৈ পৰিছিল এগৰাকী মহিলা। ইতিমধ্যে ই-ৰিক্সা চালকজনে দাখিল কৰা এজাহাৰৰ পিছত আটক কৰা হৈছে অভিযুক্ত মহিলাগৰাকীক। সমান্তৰালভাৱে সামাজিক মাধ্যমতো সমগ্ৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

এইবাৰ এই ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ নয়ডা। নয়ডাৰ চেক্টৰ ১১০ৰ বজাৰৰ মাজত এগৰাকী মহিলাই শাৰীৰিকভাৱে আক্ৰমণ কৰে এগৰাকী ই-ৰিক্সা চালকক। মহিলাগৰাকীৰ বাহনত ই-ৰিক্সা চালকজনে সামান্যভাৱে খুন্দা মৰাৰ অপৰাধতে ৰাজহুৱাভাৱে অপদস্থ কৰে চালকজনক।

উদণ্ড মহিলাগৰাকীয়ে ৰাজপথৰ ওপৰত মাত্ৰ ডেৰ মিনিটৰ ভিতৰতে সাধাৰণ ই-ৰিক্সা চালকজনৰ গালত ১৭টাকৈ চৰ শোধাই প্ৰদৰ্শন কৰে নিজৰ ক্ষমতা। তদুপৰি চালকজনৰ কাপোৰ ফালিবলৈ চেষ্টা কৰাৰ লগতে তেওঁৰ জেপৰ পৰা বলপূৰ্বকভাৱে ধন উলিয়াই নিয়াৰ চেষ্টা চলোৱা বুলিও মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, ই-ৰিক্সা চালক মিঠুনে চেক্টৰ ১১০ৰ বজাৰৰ মাজেৰে গৈ থকা সময়তে শ্ৰমিক কুঞ্জৰ নিৱাসী কিৰণ সিং নামৰ মহিলাগৰাকীৰ চাৰিচকীয়া বাহনখনত সামান্য খুন্দা মাৰে। সেই অপৰাধতে গাড়ীৰ পৰা নামি আহি মহিলাগৰাকীয়ে মিঠুনক চোলাত ধৰি টানি লৈ যোৱাৰ লগতে উপৰ্যুপৰি চৰ শোধায়।

ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ব্যাপকৰূপত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। মহিলাগৰাকীৰ বিৰুদ্ধে ই-ৰিক্সা চালক মিঠুনে আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ পিছতে আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত কিৰণ সিং নামৰ মহিলাগৰাকীক।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০২১ চনত উত্তৰ প্ৰদেশৰে লক্ষ্ণৌত সংঘটিত হৈছিল এনে এক অনুৰূপ ঘটনা। প্ৰিয়দৰ্শিনী যাদৱ নামৰ এগৰাকী মহিলাই বিনা অপৰাধতে ৰাজপথত এগৰাকী কেব চালকক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল। ঘটনাৰ কেইবাটাও ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Related Articles

Back to top button