ৰাজপথতে বছৰ-বছৰ ধৰি কটাই আহিছিল নিশা, অচিনাক্ত বাহনে প্ৰাণ ল’লে মানসিক বিকাৰগ্ৰস্ত জমেলাৰ

এক শোকাৱহ পথ দুৰ্ঘটনা।

শোকাৱহ! অচিনাক্ত বাহনৰ খুন্দাত থিতাতে মৃত্যুক সাৱটিলে এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাই…

অচিনাক্ত বাহনৰ খুন্দাত থিতাতে মৃত্যুক সাৱটিলে এগৰাকী মানসিক বিকাগ্ৰস্ত মহিলাই।

ছয়গাঁৱৰ গৰৈমাৰীত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ৷

দুৰ্ঘটনাটোৰ ফত থিতাতে প্ৰাণ গ’ল মানসিক বিকাৰগ্ৰস্ত মহিলা জমেলা খাতুনৰ৷

ছয়গাঁৱৰ গৰৈমাৰী অঞ্চলৰ প্ৰতিজন পথচাৰীৰ অতিকৈ চিনাকী জমেলা খাতুনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে গৰৈমাৰী অঞ্চলবাসী ৷

উল্লেখ্য যে, প্ৰায় ১০ বছৰ ধৰি মানসিক বিকাৰগ্ৰস্থ জমেলা খাতুনে গুমী-গৰৈমাৰী পথৰ ওপৰতে নিশা যাপন কৰিছিল ৷ স্থানীয় ৰাইজে যি বস্তু খাবলৈ দিছিল তাকে খাই দিন কটাইছিল জমেলা খাতুনে।

কিন্তু এতিয়াৰে পৰা আৰু দেখা নাপাব গৰৈমাৰী অঞ্চলৰ সকলোৰে চিনাকী মুখ জমেলা খাতুনক।

বকো সমষ্টিৰ তামুলদি গাঁৱৰ জমেলা খাতুনে প্ৰায় ১০ বছৰ সময় কটাইছিল গৰৈমাৰী বজাৰ আৰু বাট পথতে।

যোৱা নিশা কোনোবা অচিনাকী বাহনে মহতীয়াই থৈ গ’ল জমেলা খাতুনক।

জমেলা খাতুনৰ মৃত্যুৰ খবৰ বন জুইৰ দৰে বিয়পি পৰাত ঘটনাস্থলীত জমেলা খাতুনক শেষ বাৰৰ বাবে চাবলৈ লোকে ভিৰ কৰা পৰিলক্ষিত হয়।

ইতিমধ্যে ঘটনাস্থলীত গৰৈমাৰী আৰক্ষীৰ লোক উপস্থিত হৈ জমেলা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।