
নিউজ ডেস্কঃ বলিউডৰ অভিনেতা নাৱাজুদ্দিন ছিদ্দিকীৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ ফটো ভাইৰেল হৈ পৰাৰ পিছতে আন এজন অভিনেতাই ৰাজনীতিৰ পথাৰত ভৰি দিয়াক লৈ আৰম্ভ হৈছে চৰ্চাৰ।
উল্লেখ্য যে, মঙলবাৰে অভিনেতাগৰাকীয়ে সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক।
গৃহ মন্ত্ৰণালয়ে দুয়োৰে এই বৈঠক কেৱল সৌজন্যতামূলক বুলি অভিহিত কৰিলেও ছিদ্দিকীৰ বিজেপিত যোগদানৰ চৰ্চা তীব্ৰতৰ হৈ পৰিছে।
প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বে অভিনেতাগৰাকীয়ে ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ মুৰব্বী বিনয় সহস্ৰবুদ্ধ আৰু গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তকো সাক্ষাৎ কৰিছিল।
জানিব পৰা মতে, নাৱাজুদ্দিন ছিদ্দিকী একাধিক বিদেশী ভাষাৰ ছবিৰ বাবে চুক্তিবদ্ধ হৈছে।
বৰ্তমান কেইবাখনো ৱেব চিৰিজ আৰু ছবিৰ কামত ব্যস্ত থকা জনপ্ৰিয় অভিনেতাগৰাকীয়ে অৱশ্যে তেওঁৰ ৰাজনীতিত প্ৰৱেশৰ চৰ্চাক সজোৰে প্ৰত্যাখান কৰে।