NEWS8 NorthEast

ৰাজনীতিয়ে অসমক থকা-সৰকা কৰিছে, মই ৰাজনীতিক বিশ্বাস নকৰোঃ জুবিন গাৰ্গ !

বহু প্ৰতীক্ষাৰ অন্ত পেলাই অৱশেষত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ গৰ্ভত অংকুৰিত হ’ল নতুন ৰাজনৈতিক দল- ‘অসম জাতীয় পৰিষদ।’

নতুন আঞ্চলিক ৰাজনৈতিক দলটো গঠন হোৱাৰ পাছতে বিভিন্নজনে বিভিন্নধৰণে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।

এইবাৰ আছু আৰু যুৱ ছাত্ৰৰ ৰাজনৈতিক দলটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে।

জুবিন গা্ৰ্গে কয়- ‘ৰাজনীতিয়ে অসমক থকা-সৰকা কৰি আহিছে, সেইবাবে মই ৰাজনীতিত বিশ্বাসী নহয়। অসমত আঞ্চলিক দল কেবাটাও আছে। মই ৰাজনীতিত বিভাজনটো বেয়া পাওঁ। তেওঁলোকে সেইটো চিন্তা কৰি চোৱাটো প্ৰয়োজন।’

নতুন দলটোক লৈ তেওঁ আশাবাদী নে বুলি সোধা প্ৰশ্নত জুবিন গাৰ্গে কয়- ‘আশাবাদী বুলি এতিয়াই নকও। কামৰ ওপৰতহে মই গুৰুত্ব দিও। কাম চাইহে দেখা যাব।’

ইপিনে ‘কা’ সন্দৰ্ভত জুবিনে কয়- ‘কা’ক সমৰ্থন নকৰো। আকৌ ‘কা’ আহিলে যি দল থাকিলেও আমি বিপ্লৱ কৰিম।’

‘কা’ আন্দোলনৰ সময়ত তেওঁক ব্যৱহাৰ কৰা হৈছিল নেকি বুলি সোধা প্ৰশ্নত শিল্পীগৰাকীয়ে কয়, ‘কিছুমানে মোক ব্যৱহাৰ কৰিছিল। কিছুমানে মোক ভাল পায় বাবে মাতিছিল।’

পত্নী গৰিমা গাৰ্গে নিৰ্বাচনত নানামে বুলি উল্লেখ কৰি শিল্পীগৰাকীয়ে কয়- ‘মোৰ পৰিয়ালত কোনো লোকে ৰাজনীতিত নাই। গৰিমা ৰাজনীতিত নাযায়। গোলাঘাটৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে গৰিমা গাৰ্গে।’

Skip to toolbar