ৰাজকন্যা নহয়, এইবাৰ পল্লৱী! দুৰ্ঘটনা সংঘটিত কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ভগ্নী বুলি দাবী…

ৰাজকন্যা নহয়, এইবাৰ ৰাজপথত সুৰামত্ত পল্লৱীৰ উদ্ভণ্ডালি।

ৰাজকন্যাৰ দৰেই নিচাসক্ত অৱস্থাত গাড়ী চলাই সংঘটিত কৰিলে দুৰ্ঘটনা।

নৱমীৰ নিশা এখন বিলাসী বাহনেৰে আহি খুন্দিয়ালে এজন লোকৰ মাৰুতী ৮০০ গাড়ীত।

এই দুৰ্ঘটনা সংঘটিত কৰিয়েই যুৱতী গৰাকীয়ে লগালে তালফাল।

আৰক্ষীয়েও ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিন্তা কৰিব লগা হয়। কিয়নো দুৰ্ঘটনা সংঘটিত কৰা যুৱতী গৰাকীয়ে দাবী কৰিলে তেওঁ এজন কেন্দ্ৰীয় মন্ত্ৰীৰ ভণীয়েক।

নিজকে ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ভণীয়েক বুলি পৰিচয় দিলে সুৰামত্ত যুৱতীগৰাকীয়ে।

দুৰ্ঘটনা সংঘটিত কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ প্ৰভাৱ খটুৱাই নিজকে আইনৰ পৰা বচাব খোজা এই যুৱতীগৰাকীৰ নাম পল্লৱী তেলী

আনহাতে যিখন বাহনত যুৱতীগৰাকীয়ে খুন্দা মাৰিছিল সেই বাহনৰ গৰাকী দুৰ্লভ গোঁহাইয়ে যুৱতীগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।

অৱশ্যে আৰক্ষীয়ে যুৱতীগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে।

প্ৰশ্ন উঠিছে, যদি সঁচাকৈ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আত্মীয় হয়, তেন্তে দোষ কৰিও সাৰি যাব নেকি সুৰামত্ত যুৱতীগৰাকী।

জানিব পৰা মতে, এই পল্লৱী নামৰ যুৱতীগৰাকীয়েও মাকুমৰ দিহিংপাটকায় নামৰ ৰিজৰ্টখনত বাৰ্থ ডে’ পাৰ্টী কৰি সুৰাসক্ত হৈ উভতি আহিছিল।

জন্মদিনৰ পাৰ্টী কৰি উভতি অহা পথত পথ দুৰ্ঘটনা সংঘটিত কৰা সুৰাসক্ত যুৱতীগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে এতিয়া কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।

Leave a Comment